ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ চৰকাৰী বিআৰএম আইন মহাবিদ্যালয়ত এইবাৰ ক’লা দাগ। নিজৰ জীয়াৰীকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিয...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ চৰকাৰী বিআৰএম আইন মহাবিদ্যালয়ত এইবাৰ ক’লা দাগ। নিজৰ জীয়াৰীকে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বিআৰএম আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুন্দু। পাণবজাৰ আৰক্ষীয়ে যোৱানিশা নিজ কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগত কু-চৰিত্ৰৰ অধ্যক্ষ কুন্দুক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে ২০০৪ চনৰ পৰা ১১ চনলৈ নিজৰ জীয়াৰীকেই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল এইগৰাকী কু-চৰিত্ৰৰ অধ্যক্ষ আশুতোষ কুন্দুৱে।
উপায়হীন হৈ অৱশেষত ন্যায় বিচাৰি পাণবজাৰ থানাত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল নিজৰ জীয়াৰীয়ে। গ্ৰেপ্তাৰৰ ভয়ত কিছুদিন ধৰি আত্মগোপন কৰি আছিল এইজন পাষণ্ড পিতৃ আশুতোষ কুন্দু। অৱশেষত পাণবজাৰ আৰক্ষীয়ে বিআৰএম আইন মহাবিদ্যালয়ত কালিমা সনা কু-চৰিত্ৰৰ অধ্যক্ষ আশুতোষ কুন্দুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই পাষণ্ডক কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে নিজৰ জীয়াৰীও পিতৃৰ হাতত নিৰ্যাতনৰ বলি হোৱা বিষয়টোৱে এতিয়া সচেতন সমাজক লজ্জানত কৰিছে।
No comments