Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাতীয় শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিওঁ: মঙলদৈত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

  ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১০ ডিচেম্বৰ : ' অসমৰ জাতীয় শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিওঁ , অসম চুক্তি অনুসৰি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস...

 


ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১০ ডিচেম্বৰ : ' অসমৰ জাতীয় শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিওঁ , অসম চুক্তি অনুসৰি অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ সমাধান হবই লাগিব । আৰম্ভণিতে এন আৰ চিত ৪০ লাখ খিলঞ্জীয়াৰ  নাম বাদ পৰিছিল । প্ৰথম খচৰালৈকে চৰকাৰে গুৰুত্ব আৰোপ কৰি ইয়াক ভাল নথি হিচাপে গ্ৰহণ কৰিছিল, কিন্তু চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে আউল লগালে ।অসমৰ ৰাইজে এখন শুদ্ধ আৰু বিদেশী নামমুক্ত এন আৰ চি বিচাৰিছিল,  সদৌ অসম ছাত্ৰ সন্থায়ো আন ৩০ টা জনগোষ্ঠীয় সংগঠনৰ সৈতে সহযোগ কৰিছিল আৰু এখন বিদেশী নাম মুক্ত এন আৰ চি প্ৰকাশ হোৱাটো বিচাৰিছিল । কিন্তু সেইটো হৈ নুঠিল, বহুত ক্ৰুটি ৰৈ গল , আশা কৰা ধৰনে ফল নাপালোঁ ।'- এই ভাষ্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ । সদৌ দৰং জিলা ছাত্র সন্হাৰ উদ্যোগত আৰু  আন্তঃমঙলদৈ ছাত্র সন্হা তথা ৰাইজৰ সহযোগত মঙলদৈৰ শ্বহীদ বাকৰিত আজি অনুষ্ঠিত হোৱা  আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশগ্ৰহণ কৰি ড০ ভট্টাচাৰ্যই আৰু কয় যে ,উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, সেয়েহে আমি উচ্চতম ন্যায়ালয়ৰ ওচৰত এখন শুদ্ধ আৰু বিদেশীৰ নাম মুক্ত এন আৰ চি পোৱাৰ বাবে আবেদন জনাইছোঁ । যেতিয়ালৈকে বিদেশী নামমুক্ত শুদ্ধ এন আৰ চি প্ৰস্তুত নহয় তেতিয়ালৈকে ছাত্র সন্হা ক্ষান্ত নহয় বুলি তেওঁ হুংকাৰ দিয়ে । আনহাতে 'কা' আন্দোলন অসম চুক্তি বিৰোধী আৰু সাম্প্ৰদায়িক বুলি আখ্যা দিয়ে আছুৰ উপদেষ্টা ড০ ভট্টাচাৰ্যই । 

শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে অসমত ৮৬০ গৰাকী শ্বহীদৰ অৱদান অথলে যাবলৈ নিদিওঁ বুলি উল্লেখ কৰি কয় যে অসমত এতিয়াও নিৰ্যাতিতা, ধৰ্ষিতা নাৰী জীয়াই আছে । আছুৰ সভাপতি গৰাকীয়ে কয় যে ছয় বছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰিত হল অসম চুক্তি । চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অহা লোক সকল অসম এৰি যাব লাগিব আৰু আগত অহা সকল অসমত থাকিব পাৰিব ।  জাতীয় শ্বহীদ সকলৰ ত্যাগক নায্যতা দিবলৈ আছুই কাম কাজ কৰি আহিছে বুলি উল্লেখ কৰি অসমত বিদেশী নাগৰিকৰ বিতাড়ণ অসম চুক্তি অনুসৰি হে হব লাগিব অন্যথা আছু ক্ষান্ত নহয় বুলি দৃঢ়তাৰে কয় আছুৰ সভাপতি গৰাকীয়ে । ইপিনে অসমৰ ৮৬০ গৰাকী শ্বহীদৰ মৰ্যদা অগপই লাঘৱ কৰা বুলি উল্লেখ কৰি অগপই মন্ত্ৰী আৰু ক্ষমতাৰ লোভত দিল্লীৰ ওচৰত আঠু লৈছে বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে সভাপতি গৰাকীয়ে । অগপই শ্বহীদক প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি পালন নকৰি শ্বহীদক অপমান কৰিছে । অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে । আনহাতে 'কা'  আন্দোলন আগুৱাই নিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে অহা ১২ ডিচেম্বৰত আছুই 'কা' ৰ বিৰুদ্ধে গণ হুংকাৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে । ইফালে উচ্চতম ন্যায়ালয়ৰ তদাৰকত এখন শুদ্ধ আৰু বিদেশীৰ নাম নথকা এন আৰ চি প্ৰস্তুত হোৱাটো আছুই বিচাৰে বুলি তেওঁ মন্তব্য কৰে ।

কাৰ্যসূচীত উপস্থিত থাকি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ১৯৭৯ চনৰ আজিৰ এই ১০ ডিচেম্বৰৰ দিনটোতেই খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱাৰ কথা উল্লেখ কৰি তেওঁৰ মৃত্যু দিৱস টি শ্বহীদ দিৱস হিচাপে প্ৰতিবছৰে পালন কৰি অহা হৈছে বুলি উল্লেখ কৰে । শ্বহীদ সকলৰ বিনিময়ত হোৱা অসম চুক্তি আখৰে আখৰে পালন কৰাৰ বাবে তেওঁ সজোৰে দাবী উথ্বাপন কৰে । আনহাতে এন আৰ চি সন্দৰ্ভত আছুুুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে ৮০ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্তিৰে প্ৰকাশিত এন আৰ চি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰি । পুংখানুপুংখ ৰূপে পৰীক্ষা কৰি এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি প্ৰস্তুত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা  ১১ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি দিপাংক কুমাৰ নাথে।  পতাকা উত্তোলন কৰাৰ পিছতেই ছহিদ তৰ্পন কাৰ্যসূচী মুকলি  কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অনুষ্ঠানত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ৰ প্ৰতিছবিত মাল্যাপৰ্ণ  কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । 
শ্বহীদ দিৱসৰ এই   কাৰ্যসূচীত অসম আন্দোলনত শ্বহীদ হোৱা ৬০ গৰাকী শ্বহীদৰ পৰিয়ালক আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । 

No comments