গণবাৰ্তা বিশেষ, যোৰহট ২০ ডিচেম্বৰ:- বিগত নিৰ্বাচন সমূহত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত যোৰহাটৰ ৫১নং চৰাইবাহী আৰু ৫২ নং দক্ষিণ চৰাইবাহী গাঁও ...
গণবাৰ্তা বিশেষ, যোৰহট ২০ ডিচেম্বৰ:- বিগত নিৰ্বাচন সমূহত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত যোৰহাটৰ ৫১নং চৰাইবাহী আৰু ৫২ নং দক্ষিণ চৰাইবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত চিনামৰস্থিত লতিফ নগৰত ভেটি উচন হোৱাৰ দিশত কংগ্ৰেছ দল| প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ স্বৈৰচাৰিতাৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে বহু তৃণমুল কংগ্ৰেছ কৰ্মীয়ে| যি সময়ত সংখ্যালঘু ভোটাৰে বিজেপিৰ বিৰুধীতা কৰে বুলি প্ৰচাৰ চলাই থকা হৈছে সেই সময়তে আজি যোৰহাটত লটিফ নগৰত আয়োজিত এক ৰাজহুৱা যোগদান সভাত লতিফ নগৰ আৰু বাঘচোং বাগানৰ ভালে সংখ্যক সংখ্যা লঘু ৰাইজে স্বতঃস্ফুত ভাবে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ঘটনাই বিজেপি দলৰ প্ৰতি থকা বিশ্বাসক পুনৰ এবাৰ প্ৰমানিত কৰিলে ।যোৰহাট জিলা পৰিষদৰ সদস্য ৰঞ্জন শইকীয়াৰ বলিষ্ঠ নেতৃত্বক সহাৰি জনাই পঞ্চায়ত কেইখনৰ ডেৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে| অনুস্থানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সকলোকে আদৰনি জনাই কয় যে যোৰহাট ২১ চনত কংগ্ৰেছ শূণ্য হৈ পৰিব| বিজেপি দলে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি কৰা নাই যাৰ প্ৰমান আজিৰ যোগদান অনুস্থান বুলি অভিহিত কৰে| অনুষ্ঠানত অসম বিধানসভাৰ মাননীয় অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া, জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস ডাঙৰীয়া, সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া, বাঘচোং মণ্ডলৰ সভাপতি অনন্ত কৃষ্ণ গগৈ ডাঙৰীয়া প্ৰমুখ্যে সংখ্যালঘু উন্নয়ন বৰ্ডৰ যোৰহাটৰ সভাপতি, মৰ্চাৰ সভাপতি প্ৰমুখ্যে ভালেসংখ্যক পাৰ্টিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
No comments