ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২৯ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি অহা ১৬ , ১৭ জানুৱাৰী , ২০২১ তাৰিখে শংকৰদে...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২৯ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি অহা ১৬ , ১৭ জানুৱাৰী , ২০২১ তাৰিখে শংকৰদেৱ চেমিনাৰীৰ খেলপথাৰত এখনি প্ৰদৰ্শনী মেলাৰ আয়োজন কৰিছে । বিভিন্ন জাতীয় , জনগোষ্ঠীয় খাদ্য সম্ভাৰ , সাজ-পাৰ , গ্ৰন্থৰ বিপনি , শিল্প কলাৰ বিপনি ইত্যাদি প্ৰদৰ্শনী মেলাখনত থাকিব । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰদৰ্শনী মেলা সমিতিৰ মুখ্য আহ্বায়ক দিব্যজ্যোতি শৰ্মাই কয় , ইচ্ছুক ব্যক্তিসকলে আগতীয়াকৈ বিপনি সংৰক্ষিত কৰিবৰ কাৰণে ৬০০১২২৯৭৫৫, ৬৯০০৮৬৮০৯৬ নম্বৰত যোগাযোগ কৰিব পাৰিব । লগতে প্ৰদৰ্শনী মেলাখনত বিপনিৰ সংখ্যা সীমিত বুলিও উদ্যোক্তাসকলে বিবৃতিটোত ব্যক্ত কৰে , সেয়েহে অহা ইংৰাজী ৫ জানুৱাৰীৰ ভিতৰত সমিতিৰ লগত যোগাযোগ কৰি ইচ্ছুকসকলক আগতীয়াকৈ বিপনি সংৰক্ষিত কৰিবলৈ আহ্বান জনাইছে ।
No comments