Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সমাধানৰ সূত্ৰ নোলোৱাকৈয়ে অন্ত পৰিল কৃষক-চৰকাৰৰ পঞ্চমলানি বৈঠকঃ দিল্লীত এবছৰলৈ প্ৰতিবাদৰ হুংকাৰ কৃষকৰ

নতুন দিল্লী, ৫ ডিচেম্বৰ ঃ সমাধান সূত্ৰ নোলোৱাকৈয়ে কৃষক সংগঠন আৰু চৰকাৰৰ মাজত পঞ্চমলানি বৈঠক অন্ত পৰে। দিল্লীত প্ৰতিবাদ কৰা কৃষকসকলৰ সৈতে আজি...

নতুন দিল্লী, ৫ ডিচেম্বৰ ঃ সমাধান সূত্ৰ নোলোৱাকৈয়ে কৃষক সংগঠন আৰু চৰকাৰৰ মাজত পঞ্চমলানি বৈঠক অন্ত পৰে। দিল্লীত প্ৰতিবাদ কৰা কৃষকসকলৰ সৈতে আজিসহ কেন্দ্ৰীয় চৰকাৰে তিনিবাৰ বৈঠকত মিলিত হয়। দিল্লীত প্ৰতিবাদ কৰিবলৈ অহাৰ পূৰ্বে কৃষক সংগঠনৰ সৈতে চৰকাৰে দুবাৰকৈ বৈঠকত মিলিত হৈছিল। সেই অনুসৰি কৃষি আইন বাতিলৰ দাবীৰে চৰকাৰৰ সৈতে কৃষক সংগঠনসমূহে পাঁচবাৰকৈ বৈঠকত মিলিত হয় যদিও তাৰ কোনো সুফল লাভ কৰা নাই দেশৰ কৃষকসকলে। আজি দিল্লীৰ বিজ্ঞান ভৱনত কে’বাঘণ্টা ধৰি চলা বৈঠক কোনো সমাধান নোলোৱাকৈয়ে অন্ত পৰে। পুনৰাই চৰকাৰৰ সৈতে অহা ৯ ডিচেম্বৰত বৈঠকত মিলিত হ’ব দেশৰ কৃষক সংগঠনসমূহ। আজিৰ বৈঠকত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে প্ৰতিবাদী কৃষক সংগঠনসমূহক প্ৰতিবাদ বন্ধ কৰিবলৈ আহবান জনায়। কিন্তু কৃষক সংগঠনসমূহ আঁকোৰগোজ হৈ আছে যে তিনি কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত চলি যাব আন্দোলন। 

কৃষক সংগঠনসমূহে আজি চৰকাৰলৈ দাবী জনায় কয় যে যদি তেওঁলোকৰ দাবী গ্ৰহণ নকৰে তেন্তে তেওঁলোকে প্ৰতিবাদ শেষ নকৰে। ধাৰাবাহিকভাৱে চলি যাব প্ৰতিবাদ। কোনো কাৰণতেই তেওঁলোকে পিছুৱাই নাহে। লগতে এই কথাও স্পষ্ট কৰি দিছে যে চৰকাৰে যদি তেওঁলোকৰ দাবী গ্ৰহণ নকৰে তেন্তে এবছৰলৈ দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব। কৃষক সংগঠনসমূহে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে কৰ্প’ৰেট ফাৰ্মিং কৃষকসকলে বিচৰা নাই। ইয়াৰ ফলত কৃষক উপকৃত নহয়, তাৰ পৰিৱৰ্তে কৰ্প’ৰেট গোষ্ঠীহে উপকৃত হ’ব। লগতে এই কথাও প্ৰকাশ কৰিছে দিল্লীত প্ৰতিবাদ কৰিবলৈ এবছৰলৈ লগত খাদ্য সামগ্ৰী লৈ অহা হৈছে। প্ৰয়োজনত এবছৰলৈয়ো প্ৰতিবাদ চলাই যোৱা হ’ব। উল্লেখ্য যে আজি কৃষকসকলে সমগ্ৰ দেশতেই প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰে তিনি কৃষি আইন বাতিলৰ দাবীৰে। আনহাতে, ৮ ডিচেম্বৰত কৃষক সংগঠনসমূহে ভাৰত বন্ধৰ আহবান জনাইছে।

No comments