গণ বাৰ্তা বিশেষ লখিমপুৰ, ১৫ ডিচেম্বৰ : লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা পথালি পাম বন খণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত ভীমপৰা পঞ্চায়তৰ বিভিন্ন অঞ...
গণ বাৰ্তা বিশেষ লখিমপুৰ, ১৫ ডিচেম্বৰ : লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা পথালি পাম বন খণ্ডৰ কাৰ্যালয়ৰ অন্তৰ্গত ভীমপৰা পঞ্চায়তৰ বিভিন্ন অঞ্চলত অব্যাহত আছে শিমলু কাঠৰ ৰমৰমীয়া চোৰাং বেহা ।বিভাগটোৰ চৰম গাফিলতিৰ বাবেই দীৰ্ঘ দিনৰ পৰাই সোৱনশিৰী নদীৰ দক্ষিণ পাৰৰ ভীমপৰা অঞ্চলৰ বাটে পথে থকা ৰঙা শিমলু আৰু খৰা শিমলু গছ কাটি বন মাফিয়াই সম্পুৰ্ণ লখিমপুৰ জিলাতে গঢ়ি তুলিছে চোৰাং কাঠৰ এক বৃহৎ ব্যৱসায়। বন মাফিয়াৰ এক বৃহৎ চক্ৰই দৈনিক দিনৰ পোহৰতে ভীমপৰা, ঘুনাসুতি, লুইত খাবলু কে আদিকৰি সোৱণশিৰি নৈ পৰীয়া অঞ্চলত থকা শিমলু গছ যধেমধে কাটি অবৈধ ভাৱে গঢ়ি তোলা বেঞ্চ মিল অথবা শ্ব মিলত কাঠ বনাই নিতৌ সোৱণশিৰি নদীৰ বুকুয়েদি জিলাখনৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰি আহিছে আৰু এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছতো, লখিমপুৰ জিলা বন সংমণ্ডলৰ কাৰ্য্যলয়ে এই চোৰাং বেহা ৰোধ কৰিবলৈ সক্ষম হোৱা নাছিল। যদিও এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ জেষ্ঠ্য বনকৰ্মী দীপক দত্তৰ নেতৃত্বত অহা বন সুৰক্ষা বাহিনীৰ এটা দলে পথালি পাম বন কাৰ্য্যলয়ৰ বনকৰ্মী আৰু বগীনদী আৰক্ষী থানাৰ সহযোগত বগীনদীৰ সোৱণশিৰি নদীৰ পাৰ ভীমপৰা মথাউৰিত অভিযান চলাই লক্ষাধিক মুল্যৰ বৃহৎ সংখ্যক চোৰাং শিমলু কাঠ জব্দ কৰিবলৈ সক্ষম হয়। ভীমপৰাৰ পৰা সোৱণশিৰি নদীয়েদি ভূৰ সাজি বগীনদীৰ বিভিন্ন প্ৰান্তত সৰবৰাহ কৰিবলৈ লৈ অনা প্ৰায় ৩০০ তিনিশ চেপ্টি শিমলু কাঠ ভীমপৰা মথাউৰিৰ পৰা গাড়ীৰে কঢ়িয়াই নিয়াৰ প্ৰস্তুতি চলাওঁতে, নিশা ৮ বজাত আঞ্চলিক কাৰ্যলয়ৰ বন সুৰক্ষা কৰ্মীয়ে ঘটনাস্থলীত গৈ উপস্থিত হোৱাত, বন মাফিয়াৰ দলটো পলাই যাবলৈ সক্ষম হয়। যদিও বনকৰ্মীৰ দলটোৱে কাঠখিনি জব্দ কৰি লৈ যায়।
No comments