গণ বাৰ্তা কাকজান,১৫ ডিচেম্বৰ:যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত লাহদৈগড়স্থিত লাচিত বৰফুকন মৈদাম প্ৰেক্ষাগৃহত আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথৰ পৰ...
গণ বাৰ্তা কাকজান,১৫ ডিচেম্বৰ:যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত লাহদৈগড়স্থিত লাচিত বৰফুকন মৈদাম প্ৰেক্ষাগৃহত আজুৰ কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথৰ পৰ্যবেক্ষণত, জিলাখনৰ বিশিষ্ট সাংবাদিকসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সাধাৰণ সভাত ৰাজ্যৰ সাংবাদিকসকলৰ উমৈহতীয়া শক্তিশালী সংগঠন আজুৰ যোৰহাট জিলা সমিতি গঠন কৰা হয় । প্ৰবীণ সাংবাদিক ললিত বৰাৰ পৌৰাহিত্যত অনুষ্ঠিত সাধাৰণ সভাত দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, প্ৰবীণ সাংবাদিক ললিত বৰা,জ্যেষ্ঠ সাংবাদিক,সাংবাদিক পেঞ্চনাৰ নিৰঞ্জন মহন্ত,দিলীপ দত্তক উপদেষ্টা,দৈনিক অগ্ৰদূত কাকতৰ ষ্টাফ ৰিপ'ৰ্টাৰ যোগেশ ওজাক সভাপতি,দৈনিক জনমভূমি কাকতৰ সাংবাদিক দিব্যজ্যোতি শইকীয়াক কাৰ্যকৰী সভাপতি,গকুল বৰা,প্ৰদীপ বাহেতীক উপ-সভাপতি,দুলাল হাজৰিকাক সাধাৰণ সম্পাদক,শশাংক দত্ত,শ্ৰীমন্ত মাধৱ বৰুৱাক সহকাৰী সম্পাদক,বিজু তানোৱালক বিত্ত সম্পাদক,অজন্ত কুমাৰ বৰাক পত্ৰিকা সম্পাদক,দুলাল কলিতা সঞ্জীৱ হাজৰিকাক সাংগঠনিক সম্পাদকৰূপে নিৰ্বাচিত হয় । অসমীয়া খবৰ কাকত উজনি অসমৰ তত্বাৱধায়ক,ষ্টাফ ৰিপ'ৰ্টাৰ নৱজ্যোতি বৰুৱা আৰু দেৱজ্যোতি বৰুৱা ৰাজ্যিক কাৰ্যনিৰ্বাহকলৈ নিৰ্বাচিত হয় । সভাত জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, নিৰঞ্জন মহন্ত,দিগন্ত কুমাৰ ভূঞাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । সভাত আজুৰ কেন্দ্ৰীয় সমিতিৰ পত্ৰিকা সম্পাদক আব্দুল গফুৰ আহমদ, বিত্ত সম্পাদক মিণ্টু হেমৰম, কাৰ্যনিৰ্বাহক সদস্য দিব্যজ্যোতি নাথ আদিয়ে অংশগ্ৰহণ কৰে ।
No comments