Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উৎকোচ লৈ থাকোতে কেনেকৈ হাতে লোটে ধৰা পৰি গ্ৰেপ্তাৰ হল নলবাৰীৰ বিদ্যালয় পৰিদৰ্শক জোৎস্না ৰাণী: পঢ়ক সবিশেষ

নলবাৰী, ১০ ডিচেম্বৰঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি দম্ভালি মৰা বিজেপি চৰকাৰৰ স্বয়ং শাসকীয় দলৰ ৰাজ্যিক সভাপতিৰ ঘনিষ্ঠই ...




নলবাৰী, ১০ ডিচেম্বৰঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি দম্ভালি মৰা বিজেপি চৰকাৰৰ স্বয়ং শাসকীয় দলৰ ৰাজ্যিক সভাপতিৰ ঘনিষ্ঠই দুৰ্নীতিৰ জালত পৰি গ্ৰেপ্তাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুৰ্নীতিৰ অভিযোগত বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘনিষ্ঠ নলবাৰী জিলা বিদ্যালয় পৰিদৰ্শক জোৎস্না ৰাণী বৰ্মনক  দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক বিভাগে নিজ কাৰ্যালয়তে উৎকোচ লৈ থাকোতে আটক কৰে৷ আজি নলবাৰী জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত দিনজোৰা অভিযান চলায়।অভিযানকালত উৎকোচ লোৱাৰ অভিযোগত বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মনক হাতে লোতে কৰায়ত্ত কৰে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক বিভাগে।জানিব পৰা মতে, নলবাৰী জিলাৰ বৰভাগ কালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ নিৰ্মাণৰ বাবদ অহা ধনৰ কমিছন বিচাৰিছিল আই এছ জ্যোৎস্না ৰাণী বৰ্মনে৷ অভিযোগ অনুসৰি ৫০ হেজাৰ টকা দাবী কৰিছিল পৰিদৰ্শকজন আগধন হিচাপে বিচাৰিছিল ১৫ হেজাৰ টকা৷ সেই মৰ্মে আজি অভিযোগকাৰীয়ে বিষয়া গৰাকীক কাৰ্যালয়ৰ কোঠাত  এই আগধন দি থকাৰ সময়তে হাতে লোতে আটক কৰে অভিযানকাৰী দলটোৱে। এক সূত্ৰে জনা মতে, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত জিলাখনৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ উন্নয়নৰ নামত আৱণ্টন হৈছিল ২০ লাখ টকা। উক্ত শিক্ষানুষ্ঠানখনত স্থায়ী অধ্যক্ষ নথকাত বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মন ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিয়োজিত হৈ আছিল। উক্ত আঁচনিখনৰ অধীনত স্থানীয় কেইজনমান যুৱকে চলাই আহিছে খেল পথাৰখনৰ উন্নয়নৰ কাম। জানিব পৰা মতে, ইতিমধ্যে আঁচনিখনৰ আঠ লাখ টকা মুকলি কৰি দিয়া হৈছে। বিভাগীয় নিয়ম অনুসৰি আঁচনিখনৰ ৰূপায়ন কৰাৰ বাবে গঠন কৰা নিৰ্মাণ সমিতিৰ সদস্য সচিব হিচাপে আছে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী। ইপিনে, আঁচনিখনৰ কাম কৰা যুৱক কেইজনক প্ৰাপ্য ধন মুকলি কৰি দিয়াৰ নামত আই এছ জ্যোৎস্না ৰাণী বৰ্মনে ধন দাবী কৰি হাৰাশাস্তি কৰাত তেওঁলোকে এই সম্পৰ্কে গুৱাহাটীস্থিত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাত অভিযোগ দাখিল কৰে। সেই মৰ্মে, শিক্ষা বিষয়াগৰাকীক উৎকোচ দিয়াৰ বাবে গুৱাহাটীস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা অভিযোগকাৰীয়ে উলিওৱা ধনৰ নম্বৰবোৰ সংশ্লিষ্ট বেংকৰ বিষয়া কৰ্মচাৰীৰ জৰিয়তে মজুত কৰি ৰাখে। পূৰ্ব পৰিকল্পনা মতে, আজি পুৱা দুজন বেংক কৰ্মচাৰীক লগত লৈ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ ১২ জনীয়া দল এটা নলবাৰীত উপস্থিত হৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কাষতে সাধাৰণ পোচাকত চোপ লৈ থাকে। জনা মতে, অভিযানকাৰী দলটোত আছিল তিনিজন পৰিদৰ্শক আৰু দুজন উপ আৰক্ষী অধীক্ষক। ইয়াৰ কিছু সময় পিছতেই আই এছ জ্যোৎস্না ৰাণী বৰ্মন কাৰ্যালয়ত উপস্থিত হয়। তেনে সময়তে অভিযোগকাৰীয়ে শিক্ষা বিষয়া গৰাকীক পূৰ্বৰ আলোচনা অনুসৰি গুৱাহাটীৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা উলিয়াই অনা নিৰ্দিষ্ট ধন উৎকোচ হিচাপে আগবঢ়োৱাত ধনখিনি তেওঁৰ বেগত ভৰাই থয়। লগে লগে কাৰ্যালয়টোৰ কাষতে থকা অভিযানকাৰী দলটোৱে আই এছ বিষয়াগৰাকীৰ কোঠাত প্ৰৱেশ কৰি উক্ত ধনখিনি বেংকৰ কৰ্মচাৰীৰ জৰিয়তে মিলাই চায়। গুৱাহাটীৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা উলিয়াই অনা ধনৰ সৈতে আই এছ জ্যোৎস্না ৰাণী বৰ্মনৰ বেগত থকা ধনৰ  সম্পূৰ্ণৰূপে সাদৃশ্য থকাৰ প্ৰমাণ লাভ কৰাত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাৰ দলটোৱে দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াগৰাকীক আটক কৰে। এই সন্দৰ্ভত ইতিমধ্যে ৰুজু কৰা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা জ্যোৎস্না ৰাণী বৰ্মনক অভিযানকাৰী দলটোৱে গুৱাহাটীলৈ লৈ যায়। উল্লেখ্য, আজি সমগ্ৰ দিনটো শিক্ষা বিষয়াগৰাকীক কাৰ্যালয়তে এই সন্দৰ্ভত জেৰা অব্যাহত ৰাখে। সম্প্ৰতি বৰপেটা ৰোডৰ বাসিন্দা এই গৰাকী দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াই নিজকে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ঘনিষ্ঠ বুলি দম্ভালি মাৰি আহিছিল। অভিযোগ অনুসৰি, জিলাখনৰ শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো উক্ত আঁচনিখন ৰূপায়ণৰ নামত ধন দাবী কৰিছিল এইগৰাকী শিক্ষা বিষয়াই। লক্ষণীয়ভাবে এইগৰাকী শিক্ষা বিষয়াই ইয়াৰ পূৰ্বে বাকসা আৰু বৰপেটা জিলাতো কৰ্মৰত হৈ থকা সময়ত কাৰ্যালয়ত দুৰ্নীতিৰ পাহাৰ গঢ়ি তুলিছিল। অভিযোগ অনুসৰি এটা সাধাৰণ কাউণ্টাৰ চহীৰ বাবেও বিষয়াগৰাকীয়ে ধন দাবী কৰিছিল। বিষয়াগৰাকীয়ে নলবাৰীত যোগদান কৰাৰ পাছৰে পৰা জিলাখনৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীয়ে যন্ত্ৰণা ভুগি আহিছিল। আজি এনেদৰে হাতে লোতে দুৰ্নীতিগ্ৰস্ত শিক্ষা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাত তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাইছে।ইপিনে অভিযুক্ত বিষয়াগৰাকীক কাৰ্যালয়তে জেৰা চলোৱাৰ অন্তত ঘন্টাৰ পিছত ঘন্টা ধৰি ৰৈ থকা সাংবাদিক সকলৰ মুখামুখি হব নিদিয়া বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।প্ৰথম অৱস্থাত সাংবাদিকৰে সৈতে বাৰ্তালাপ কৰিব দিয়া হব বুলি অভিযান কাৰী দলৰ বিষয়াই সাংবাদিকক জনাইছিল যদিও জেৰাৰ অন্তত সন্ধিয়া প্ৰায় ৫.৪৫ বজাত দলটোৱে জ্যোৎস্নাৰানী বৰ্মনক পোনে পোনে গুৱাহাটীলৈ লৈ যায়।ইপিনে নলবাৰী জিলা পৰিমণ্ডলৰ স্কুল সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মণক  আজি দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ শাখাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যত সন্তষ্টি প্ৰকাশ কৰি কৰি বিধায়ক অশোক শৰ্মাই এয়া সোণোৱাল চৰকাৰৰ শূণ্য সহনশীলতাৰ নীতি পুনৰ সত্যত পৰিণত বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভুৱা কাৰ্যকৰ্তাৰ নাম লৈ বিষয়া গৰাকীয়ে পেঞ্চনপ্ৰাপক সকলৰ পৰা ব্যাপক ধন লুন্ঠন  কৰি এটি কলংকিত পৰিৱেশৰ সৃষ্টি কৰি আহিছিল কিন্তু ইমান বেছি কেতিয়াও সহ্য নকৰে।

No comments