গণ বাৰ্তা, পাভৈ ১৭ ডিছেম্বৰ: বিশ্বনাথ সমষ্টিৰ পাভৈ জিলা পৰিষদৰ অন্তৰ্গত পাভৈ গাওঁ পঞ্চায়ত কাৰ্যালয়ত কোনো নথকাৰ সুবাদতে চোৰে পঞ্চায়ত কাৰ্যা...
গণ বাৰ্তা, পাভৈ ১৭ ডিছেম্বৰ: বিশ্বনাথ সমষ্টিৰ পাভৈ জিলা পৰিষদৰ অন্তৰ্গত পাভৈ গাওঁ পঞ্চায়ত কাৰ্যালয়ত কোনো নথকাৰ সুবাদতে চোৰে পঞ্চায়ত কাৰ্যালয়ৰ খিৰিকী ভাঙি বহু মৃল্যবান সামগ্ৰীৰ লগতে বিভিন্ন তথ্যপাতি চোৰ কৰি উধাও হয়। চোৰে প্ৰিন্টাৰ মেচিন, ৭খন চিলিং ফেন আৰু এখন ৱাল ফেন চোৰে চূৰ কৰিবলৈ সক্ষম হয়। আনহাতে পঞ্চায়তখনৰ কাৰ্যবিৱৰণী বহীৰ লগতে কিছু তথ্যপাতি চুৰি হয়। খিৰিকী ভাঙি চোৰে চৌৰ্যবৃত্তি সম্পাদন কৰাৰ লগতে পঞ্চায়তৰ দুৱাৰ ভাঙিবলৈ সক্ষম হয়। যোৱা ৰবিবাৰে ঘটনাটি সংঘটিত হয়। সোমবাৰে পঞ্চায়তলৈ আহোতে কতৃপক্ষই ঘটনাৰ সম্ভেদ পায়। ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত এইলৈ এক গোচৰ ৰুজু কৰা বুলি পাভৈ পঞ্চায়তৰ সভাপতি চৰণ নাৰ্জাৰীয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়ে আজি। উল্লেখ্য যে, বিগত বৰ্ষতো পঞ্চায়তখনৰ পানী তোলা উত্তোলক মটৰপাম্প চোৰে চুৰ কৰি নিয়ে যদিও চুৰৰ কোনো শুংসূত্ৰ আগতো আৰু এইবাৰৰ বাতৰি যুগুত কৰা পৰ্যন্ত আৰক্ষী বাহিনীয়ে চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে জানিব পৰা মতে তদন্ত অব্যাহত আছে। এই সংক্ৰান্তত বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক তথা বিশ্বনাথ জিলা বিজেপিৰ উপসভাপতি ড০ৰঞ্জন গগৈয়ে চোৰক কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰিব লাগে বুলি দাবী জনায়। প্ৰায় এমাহৰ পূৰ্বে নিকটবৰ্তী ধুলিৰ ধূলি গাঁও পঞ্চায়ততো চুৰি কাৰ্য্য সংগঠিত কৰিবলৈ আহি বিফল চোৰ বিফল হৈছিল যদিও পানী উত্তোলক পাইপৰ বিস্তৰ ক্ষতি সাধন কৰিবলৈ সক্ষম হৈছিল। ৰাইজেও চোৰক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী তুলিছে। আনহাতে পঞ্চায়ত সমূহত নৈশ চকীদাৰ নিযুক্তি নোহোৱাৰ বাবে এনে চুৰিকাৰ্য্য সংঘটিত হৈ আহিছে।
No comments