Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টিহু নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

টিহু, ৯ ডিচেম্বৰ  : প্ৰতি বছৰে বানপানীৰ সময়ত সৃষ্টি হোৱা   টিহু নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বিভিন্ন অঞ্চলত  । আনকি টিহুৰ নতুন...


টিহু, ৯ ডিচেম্বৰ  : প্ৰতি বছৰে বানপানীৰ সময়ত সৃষ্টি হোৱা   টিহু নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে বিভিন্ন অঞ্চলত  । আনকি টিহুৰ নতুন উলুবাৰীত টিহু নদীৰ গৰাখহনীয়াই  শ্ৰী শ্ৰী বাৰগোপাল থান খনলৈ ভাবুকিৰ সৃষ্টি  কৰিছে । সেয়েহে  টিহু নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে নতুন উলুবাৰী  শ্ৰী শ্ৰী  বাৰগোপাল থান খনক অস্তিত্বৰ সংকটৰ পৰা মুক্ত কৰিবলৈ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতিয়ে স্থানীয়  পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাক দাবী জনাই  । অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতিৰ সভাপতি মৃদুল কুমাৰ বৈশ্য আৰু সম্পাদক হিৰক জ্যোতি বৈশ্যৰ নেতৃত্বত যোৱা সজাতি দলটোৱে সাক্ষাৎ কৰি বিধায়ক পবিন্দ্ৰ ডেকাক এই দাবী জনাই । সজাতি দলটোৱে টিহু প্ৰাথমিক প্ৰেৰণ গোট চিকিৎসালয়ত ৰোগীৰ বাবে  অক্সিজেন যোগানৰ  সুবিধা  কৰাৰ লগতে চিকিৎসালয় খনত ৰোগীয়ে  সন্মুখীন  হোৱা বিভিন্ন সমস্যা সমাধান কৰাৰো দাবী জনাই বিধায়ক পবিন্দ্ৰ ডেকাক ।

No comments