গনবাৰ্তা চামগুৰি ,৪ নবেম্বৰ : নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি দলে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ কু...
গনবাৰ্তা চামগুৰি ,৪ নবেম্বৰ : নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি দলে আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷বিশেষকৈ চামগুৰি সমষ্টিত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ পৰামৰ্শত আৰু বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি প্ৰানজিৎ বৰাৰ নেতৃত্বত সমষ্টিটোত দলৰ কৰ্মী সকলে সাংগঠনিক দিশ সৱল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷যোৱা কালি সন্ধিয়া চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰমা বজাৰত অনষ্ঠিত হোৱা এখন সভাত শ্বৰিফুল ইছলামৰ নেতৃত্বত আৰু বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি প্ৰানজিৎ বৰাৰ উপস্থিতিত প্ৰায় অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলৰ পৰা বিজেপি দলত যোগদান কৰা লোক সকলক বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি গৰাকীয়ে আদৰনী জনাই ৷
No comments