গণবাৰ্তা বিশেষ,ডিফু, ১২ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত কৰ...
গণবাৰ্তা বিশেষ,ডিফু, ১২ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি ডিফুৰ ন্যায়িক আদালতত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত কৰা হয় ৷ ইয়াৰোপৰি বোকাজান আদালততো লোক আদালত অনুষ্ঠিত হৈ যায় ৷ অপৰাধমূলক, দেৱানী, মটৰ দূৰ্ঘটনা জনিত গোছৰৰ লগতে এপিডিচিএল, বিএছএনএল, ষ্টেট বেঙ্ক অফ ইণ্ডিয়া, অসম গ্ৰামীণ বিকাশ বেঙ্ক আৰু চেণ্ট্ৰেল বেঙ্ক ইণ্ডিয়াৰ গোছৰ সমূহ আজিৰ লোক আদালতত নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা হয় বুলি ডিএলএছএৰ সচিব নাগিব আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷
আজিৰ লোক আদালতত মুঠ ৩৮ টা গোছৰ নিষ্পত্তি কৰা হয় ৷ জিলা আৰু সত্ৰ ন্যায়াধীশ আব্দুল হেকিম আৰু ডিএলএছৰ সচিব নাগিব আহমেদে লোক আদালতত অংশ গ্ৰহণ কৰা বিভিন্ন বিত্তীয় খণ্ডৰ প্ৰতিনিধি আৰু এপিডিচিএলৰ প্ৰতিনিধি সকলক সাক্ষাৎ কৰি সাধাৰণ ৰাইজৰ স্বাৰ্থত পূৰ্বৰ মামলা সমূহ নিষ্পত্তি কৰাৰ বাবে উৎসাহ যোগায় ৷ অংশ গ্ৰহণকাৰী সকলেও জিলা ন্যায়িক আদালতৰ এনে কাৰ্যক প্ৰশংসা কৰে ৷ ইয়াৰোপৰি লোক আদালত আৰম্ভ হোৱাৰ পূৰ্বে কৰ্তৃপক্ষই সম্পূৰ্ণ ক'ভিড প্ৰট'কল অনুসৰি অংশ গ্ৰহণকাৰীক ছেনিটাইজেছন কৰে ৷
No comments