Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিচি নিৰ্বাচনত গোৰেশ্বৰ সমষ্টিত কোনে শেষ হাহি মাৰিব : ধৰ্মীয় সংখ্যালঘু ভোটাৰে নিৰ্ণয়ক ভুমিকা গ্ৰহণ কৰিৱ

বাপু বড়ো,  গোৰেশ্বৰ, ৩ ডিছেম্বৰ : বিটিচিৰ চতুৰ্থ পৰিষদীয় নিৰ্বাচনৰ বাবে মাজত মাথো তিনিটা দিন আছে । বিটিচিৰ ছল্লিছটা সমষ্টিৰ ভিতৰত অন্যতম তথা...



বাপু বড়ো, 
গোৰেশ্বৰ, ৩ ডিছেম্বৰ : বিটিচিৰ চতুৰ্থ পৰিষদীয় নিৰ্বাচনৰ বাবে মাজত মাথো তিনিটা দিন আছে । বিটিচিৰ ছল্লিছটা সমষ্টিৰ ভিতৰত অন্যতম তথা অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে বাগছা জিলাৰ ৩০ নং গোৰেশ্বৰ সমষ্টি । উল্লেখযোগ্য এই সমষ্টিত যোৱা তিনিটা নিৰ্বাচনত এবাৰো দলীয় প্ৰাৰ্থী জয়ী হোৱা নাই । বিটিচি চুক্তি হোৱাৰ পিছত ২০০৫ চনত প্ৰথম বিটিচি নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰী জয়ী হয় । পৰৱৰ্তী সময়ত বিপিএফত যোগদান কৰি কাৰ্য্যবাহী সদস্য লাভ কৰে । ইয়াৰ পিছতে ২০১০ চনত কাৰ্য্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীক নিৰ্দলীয় প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ হাতত পৰাস্ত হয় । পৰৱৰ্তীসময়ত পবিত্ৰ কুমাৰ বড়োও বিপিএফত যোগদান কৰে যদিও  ২০১৫ চনত দ্বিতীয় নিৰ্বাচনত পুনৰ  নিৰ্দলীয় প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ হাতত পৰাস্ত হয় । মহেশ্বৰ বসুমতাৰীয়েও জয়ী হৈ বিপিএফত যোগদান কৰি  বিটিচিৰ কাৰ্য্যবাহী সদস্য লাভ কৰে । মুঠতে এই সমষ্টিত যোৱা তিনিটা নিৰ্বাচনত এবাৰো দলীয় প্ৰাৰ্থী জয়ী হোৱা নজিৰ নাই । এইবেলি বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ উপৰিও ইউপিপিএলৰ পবিত্ৰ কুমাৰ বড়ো, বিজেপিৰ গজেন্দ্ৰ চন্দ্ৰ বড়ো,  চিপিআইএমৰ কৰুণা ভূঞা, ভোটাৰ্চ পাৰ্টি  , কংগ্ৰেছৰ ৰমেশ চন্দ্ৰ বড়ো, আৰু নিৰ্দলীয় প্ৰাৰ্থী সুৰেন চন্দ্ৰ বড়ো, অবড়ো সুৰক্ষা পাৰ্টিৰ চানমল ডেকা আদি কৰি ন জন শক্তিশালী প্ৰাৰ্থী আছে । এক আকৰ্ষণী কেন্দ্ৰ বিন্দু সমষ্টিত ভোটাৰৰ জনসংখ্যা হৈছে এনেধৰণৰ । বড়ো- ২৪ হাজাৰ, মুছলিম ১৯ হাজাৰ, শৰণীয়া ৭৫০০, বেংগুলী ৭০০০, কোছ, কলিতা, ৰাজবংশী ১৩০০০, ৰাভা, আদিবাসী, নেপালী ( অন্যান্য) ৩৫০০। মুঠ ভোটাৰ হৈছে ৭৫০০০ জন । জনসংখ্যাৰ পৰা চালে দেশা যায এই সমষ্টিত যিকোনো প্ৰাৰ্থী জয়ী হোৱাৰ অন্তৰালত আছে ধৰ্মীয় সংখ্যালঘু  ।  সংখ্যালঘুৰ ভোটাখিনিৰ যিজন প্ৰাৰ্থয়ে  ৫০ শতাংশ  লাভ কৰিৱ সেইজন প্ৰাৰ্থীয়েজয়ী হৱ । এক নিৰ্বাচনী সমীক্ষাত দেখা পোৱা যায় ধৰ্মীয় তথা মুছলমান ভোট এইবাৰ  বিপিএফয়ে ২০ শতাংশ, চিপিএময়ে ১০ শতাংশ, গণ সুৰক্ষা পাৰ্টিয়ে ১০ শতাংশ, কংগ্ৰেছে ২০ শতাংশ পোৱাৰ বিপৰিতে ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে ৪০ পৰা ৪৫ শতাংশ ভোট লাভ কৰিব বুলি নিৰ্বাচনী পৰ্যাবেক্ষক সকলে মন্তব্য প্ৰকাশ কৰিছে । তদ্ৰুপ ২৪ হাজাৰ বড়ো ভোট বিপিএফে ১০ শতাংশ, চিপিএময়ে ১০ শতাংশ, নিৰ্দলীয় প্ৰাৰ্থী সুৰেন চন্দ্ৰ বড়ো ১০ শতাংশৰ বিপৰীতে ইউপিপিএলে পাৱ ৬০ পৰা ৭০ শতাংশ লাভ কৰিৱ । অন্যান্য শৰণীয়া, বঙালী আৰু কোছ, কলিতা, ৰাভা আদি ভোট বিজেপিয়ে পাৱ ৩০ শতাংশ, বিপিএফয়ে ২০ শতাংশ, চিপিএময়ে ১০ শতাংশ, নিৰ্দলীয় প্ৰাৰ্থী সুৰেন চন্দ্ৰ বড়োৱে ১০ শতাংশ পোৱাৰ বিপৰিতে ইউপিপিএলে পাৱ ৩০ শতাংশ ভোট লাভ কৰি বৃহৎ সংখ্যক ব্যৱধানত  ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিত এইবেলি ইউপিপিএলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৰ জয়যাত্ৰা তথা শেষ হাহি মাৰিৱ বুলি সমষ্টি বাসী ৰাইজে মন্তব্য প্ৰকাশ কৰিছে । 

No comments