Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিচিত প্ৰমোদ বড়োৰ চৰকাৰ; চিৰাঙত উছাহৰ ঢল

  সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৩ ডিচেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা কালি বিয়লি এক শ্বাসৰূদ্ধ পৰিৱেশৰ মাজেৰে সম্পন্ন হলেও পৰিষদৰ মচনদ ...

 


সঞ্জয় সৰকাৰ , কাজলগাঁও , ১৩ ডিচেম্বৰ : বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা কালি বিয়লি এক শ্বাসৰূদ্ধ পৰিৱেশৰ মাজেৰে সম্পন্ন হলেও পৰিষদৰ মচনদ কোনে দখল কৰিব তাকে লৈ নিশাৰে পৰা চলি থকা ব্যাপক উৎকণ্ঠাৰ মাজতে আজি দুপৰীয়া মূখ্যমন্ত্ৰীয়ে বিজেপিৰ সহযোগেৰে প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি চৰকাৰ গঠনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ লগে লগে সমগ্ৰ বিটিচিৰ লগতে চিৰাং জিলাতে এক উছব মূখৰ পৰিৱেশৰ সৃষ্টি হয় । জিলাখনৰ সকলো ঠাইতে হাজাৰ হাজাৰ ইউপিপিএল আৰু বিজেপি সমৰ্থক ওলাই আহি নৃত্যগীতেৰে আনন্দৰ মাজেৰে মতলীয়া হৈ পৰে । চিৰাং জিলাখনত বিপিএফৰ ৫ গৰাকী প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছৰে পৰা কালি নিশাৰ ভাগত বিপিএফৰ সমৰ্থকসকলে জিলা সদৰ কাজলগাঁও , ডাংতল , ঢালিগাঁও , চাপাগুৰী, গৰুভাষা, কাশিকোত্ৰা আদি স্থানত  ফটকা ফুটাই , সমদল  উলিয়াই বিজয় উৎসৱ পালন কৰে । আজি দুপৰীয়া মুখ্যমন্ত্ৰীয়ে সংবাদমেল যোগে প্ৰমোদ বড়োক চীফ হিছাপে ঘোষণা কৰাৰ পিছতেই পুনৰ  জিলাখনত ইউ পি পি এল সমৰ্থক সকলৰ মাজত আনন্দ উল্লাস আৰম্ভ হয় । জিলাখনৰ চাপাগুৰী , বেংতলগেট , কুকুৰমাৰী , কাজলগাঁও, ৰুনিখাতা, শান্তিপুৰ, বেংতল, গৰুভাষা, বাসুগাঁও আদি স্থানত নৃত্য গীতৰ মাজেৰে ফটকা ফুটাই, আতচবাজি কৰি প্ৰস্তাবিত নতুন চৰকাৰক আগতীয়াকৈ আদৰণি জনায় । ঠায়ে ঠায়ে বৃহৎ সমদল উলিয়াই বিজেপি তথা ইউপিপিএলৰ কৰ্মী সমৰ্থকে উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে ।

No comments