Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শিলিগুৰি,পুনে আৰু ঢাকাৰ আন্তৰ্জাতিক ছৰ্টফিল্ম প্ৰতিযোগিতালৈ বিজু দাসৰ "দেৱী"

  ফৰহাদ ভূঞা, গুৱাহাটী, ১৩ ডিচেম্বৰ : প্ৰতিভাশালী পৰিচালক  বিজু দাসৰ দেৱী নামৰ চুটি ছবি খন তিনিখন আন্তর্জাতিক চুটি ছবি প্ৰতিযোগিতাৰ বাবে মনো...

 


ফৰহাদ ভূঞা, গুৱাহাটী, ১৩ ডিচেম্বৰ : প্ৰতিভাশালী পৰিচালক  বিজু দাসৰ দেৱী নামৰ চুটি ছবি খন তিনিখন আন্তর্জাতিক চুটি ছবি প্ৰতিযোগিতাৰ বাবে মনোনীত হৈছে। ২০ ডিচেম্বৰত দেৱী 2nd siliguri international short film festival 2020 প্ৰদৰ্শিত হব।  ইয়াৰ পিছত ২৭ ডিচেম্বৰত পুনেত অনুষ্ঠিত হোৱা International cultural artifact film festival ত  দেৱী প্ৰদৰ্শিত হব। ২৪ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈকে বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হব Cine making film festival. উক্ত মহোৎসৱতো বিজু দাসৰ দেৱী প্ৰদৰ্শিত হব। দেৱীৰ পৰিচালনা, কেমেৰা, আৰু সম্পাদনা বিজু দাসৰ। সহ: পৰিচালক হিচাবে আছে ভাস্কৰ চৌধুৰী আৰু কনক দাস। ছবিখনত অভিনয় কৰিছে অভিলেখা দাস, বিজয় বৰ্মন, দেৱেন বৈশ্য, কনক দাস, ভাস্কৰ চৌধুৰী আৰু নাট্যকাৰ, অভিনেতা আৰু পৰিচালক ৰাধেশ্যাম কলিতাই। দেৱীৰ পৰিচালক বিজু দাসৰে হোৱা বাৰ্তালাপত তেওঁঁ দেৱীক লৈ যথেষ্ট আশাবাদী বুলি কৈ দেৱীয়ে দেশৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিব বুলি কয় । প্ৰকাশ্য যে দেৱীৰ পৰিচালক বিজু দাসে বলীউদত কাম কৰিও সফলতা লাভ কৰিছে। বিজু দাসে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বলিউডৰ ছবি 'ৰোড চাইদ ৰোমিঅ'ত কাম কৰাৰ লগতে বলিউডৰ  জনপ্ৰিয় ছবি 'অৰ্জুনা দা ৱাৰিওৰ প্ৰিন্স', 'ঘায়েল' , 'ৰিটাৰ্ন' , 'বিৰাপ্পান' , 'ৱেলকাম টু কৰাচী' , 'জাজমেন্টেল হেই কিয়া', 'কেদাৰনাথ' আৰু 'বাহুবলী'-২  ত এনিমেছনৰ কাম কৰি প্ৰশংসিত হৈছিল। আনহাতে বিজু দাসৰ   চাউণ্ড অৱ জয় নামৰ প্ৰথমখন চুটি ছবিয়ে অলপতে কলকাতাত  হোৱা প্ৰদৰ্শনত দৰ্শকক মুহিবলৈ সমৰ্থ হোৱাৰ লগতে বিচাৰক পৰা Up comeing film maker award লাভ কৰিবলৈ সক্ষম হৈছিল । দেৱীয়ে সফলতা লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনক, তাকেই কামনা কৰিছে।

Attachments area

No comments