গণ বাৰ্তা, ফুলনি, ১৬ ডিচেম্বৰ : মাজুলী ভকতিদুুৱাৰ গাৱঁৰ ভবেন খাউণ্ড আৰু সাবিত্ৰী খাউণ্ডৰ এক মাত্ৰ কন্যা সন্তান এক দুৰাৰোগ্য ৰোগত আক্ৰান্...
গণ বাৰ্তা, ফুলনি, ১৬ ডিচেম্বৰ : মাজুলী ভকতিদুুৱাৰ গাৱঁৰ ভবেন খাউণ্ড আৰু সাবিত্ৰী খাউণ্ডৰ এক মাত্ৰ কন্যা সন্তান এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুোৰে যুজি শৰ্যাগত হৈ দিন অতিবাহিত কৰিছে ৷ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নবনীতা খাউণ্ড কেইবামাহো ধৰি SLE নামৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকাৰ বাতৰি কালি সবিস্তাৰে নিয়মীয়া বাৰ্তাত প্ৰকাশ পোৱাৰ পিছত বৃহৎ ৰ ভকতি দুৱাৰ অঞ্চলৰ সামাজিক , সাংস্কৃতিক , বৌদ্ধিক দিশৰ উত্তৰনৰ বাবে জন্ম হোৱা 'সৃষ্টি' নামৰ অনুষ্ঠান টোৰ সদস্য ক্ৰমে পংকজ দত্ত ,প্ৰাঞ্জল খাউণ্ড ,ৰঞ্জন মহন্ত ,শ্ৰীমন্ত হাজৰিকা ,ৰূপম ৰাজখোৱা ,গোবিন খাউণ্ড ( বাবা) হিৰণজিৎ ৰাজখোৱা ,নিতুল ৰাজখোৱা ,যতিন খাউণ্ড ,ৰাজেশ ৰাজখোৱা ,ৰাতুল শইকীয়া ,লক্ষ্যজিৎ খাউণ্ড ,বুধিন বৰা ,গগন বৰা সত্যেন দত্ত ,মাধুৰ্য্য খাউণ্ড ,ৰূপেন বৰা ,প্ৰশান্ত শইকীয়া ,নৃপেন খাউণ্ড ,মৃদুপৱন হাজৰিকা ,হৰেন বৰা ,ভাস্কৰ মহন্ত ,দেৱজিৎ খাউণ্ড ,দুলাল বৰুৱা অজয় দাস ,বিকাশ দাস ,অজয় দাস ( সৰু ) ,কাকু শইকীয়া ,ৰবিন খাউণ্ড ,বিজয় দত্ত, চিন্তু দাস , প্ৰণব শইকীয়া ( হেম) আৰ্থিক অনুদানৰ ভিত্তিত ভকতি দুৱাৰ গাৱঁৰ নিৱাসী ভবেন খাউণ্ডৰ কন্যা দীৰ্ঘদিন ৰোগত আক্ৰান্ত হৈ থকা নবনীতা খাউণ্ডক কিছু আৰ্থিক অনুদান প্ৰদান কৰে ৷ সৃষ্টিৰ সভাপতি পংকজ দত্ত আৰু সম্পাদক প্ৰাঞ্জল খাউণ্ডে অসম বাসী ৰাইজকো সহায় সহযোগ প্ৰদান কৰিবলৈ অনুৰোধ জনাই "সৃষ্টি"ৰ যোগেদি এই মেধাবী ছাত্ৰী গৰাকীক সহায় কৰিব পাৰিব বুলি কয় ৷ ইফালে ৰুমাল লাইভেও ফেচবুকৰ জড়িয়তে অসম বাসীৰ পৰা আৰ্থিক অনুদান প্ৰদানৰ অনুৰোধ জনাইছে ৷ আনহাতে কোনো হৃদয়বান লোকে এই মেধাবী ছাত্ৰী গৰাকীক সহায় কৰিব খোজিলে সৃষ্টিৰ সভাপতি , সম্পাদকৰ সৈতে ৯১০১৩৪৮৩৩৭ , ৯১০১০৮৮৮২১ নম্বৰত আৰু পৰিয়ালৰ লগত ৬০০২৭০৫৫৭৮ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ সদাসয় হৃদয়বান লোকৰ সহযোগিতা , আৰ্থিক সহায়ে এই ছাত্ৰী গৰাকীক জীৱন দান দিব , তাইৰ মুখলৈ হাঁহি ঘুৰাই আনিব বুলি কৈ সৃষ্টিৰ সম্পাদক প্ৰাঞ্জল খাউণ্ডে ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত জনৰো আন্তৰিক সহায় ড০ হিমন্ত বিশ্ব শৰ্মা সহযোগিতা , স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপৰ আহ্বান জনাইছে ৷
No comments