Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টিহুত সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

টিহু, ১৩ ডিচেম্বৰঃ “সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানক সমানে আগবঢ়াই নি সমাজত নৱ প্ৰজন্মই শান্তি স্থাপন কৰিব লাগিব।” বিশিষ্ট বিজ্ঞানী, ভাৰতীয় বিজ...


টিহু, ১৩ ডিচেম্বৰঃ “সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানক সমানে আগবঢ়াই নি সমাজত নৱ প্ৰজন্মই শান্তি স্থাপন কৰিব লাগিব।” বিশিষ্ট বিজ্ঞানী, ভাৰতীয় বিজ্ঞান প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণচন্দ্ৰ তালুকদাৰে আজি টিহুত এইদৰে কয় । নলবাৰী জিলা সাহিত্য সভা, টিহু সাহিত্য সভা আৰু চেতনা সাহিত্য সভাই যুটীয়াভাৱে প্ৰকাশ কৰা টিহু মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সমাজহিতৈষী কৰুণাকান্ত কলিতাৰ অভিনন্দন গ্ৰন্থ ‘সমাজহিতৈষী–শিক্ষাবিদ কৰুণাকান্ত কলিতা জীৱন পৰিক্ৰমা’ উন্মোচন কৰি বিশিষ্ট বিজ্ঞানী ডঃ তালুকদাৰে ভাষণ প্ৰসংগত কয় যে সম্প্ৰতি সমাজত শান্তি ব্যাহত হৈছে । মানুহে নিজৰ প্ৰয়োজন অতিৰিক্তভাৱে বঢ়াই লোৱাৰ বাবে সকলোৱে অশান্তিত ভোগে বুলি উনুকিয়াই তেওঁ প্ৰয়োজনীয় সম্পদ কমি যোৱাটো অশান্তিৰ মূল কাৰণ বুলি ব্যক্ত কৰে । ভাষণ প্ৰসংগত ডঃ তালুকদাৰে  বিগত ৪৫ বছৰত পঞ্চাছ শতাংশ উদ্ভিদ আৰু প্ৰাণী পৃথিৱীৰপৰা কমি যোৱা বুলিও প্ৰকাশ কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৌৰোহিত্যত টিহু মহাবিদ্যালয়ৰ কালিচৰণ ডেকা প্ৰেক্ষাগৃহত অনুষ্ঠিত অভিনন্দন গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট বিজ্ঞানী ডঃ তালুকদাৰে বিজ্ঞানৰ কেতবোৰ ইতিবাচক দিশ দোহাৰি কয় যে বিজ্ঞানে সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰে । এই ক্ষেত্ৰত তেওঁ নৱ প্ৰজন্মই বিজ্ঞান সাধনাত ব্ৰতী হৈ সীমিত সম্পদ ৰাজিৰে সমাজত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব বুলি মন্তব্য কৰে । অসমীয়া জাতি সাহিত্য, সংস্কৃতিত বাৰুকৈয়ে  আগবঢ়া বুলি মত প্ৰকাশ কৰি বিশিষ্ট বিজ্ঞানী গৰাকীয়ে সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানক সমানে আগবঢ়াই নিবলৈ নৱ প্ৰজন্মক জ্যেষ্ঠসকলে উদ্গণি দিয়া বিষয়ত গুৰুত্ব আৰোপ কৰে । অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতাই ভাষণ দি বিশিষ্ট শিক্ষাব্ৰতী কৰুণাকান্ত কলিতাক নতুন প্ৰজন্মই অভিনন্দন গ্ৰন্থত বিচাৰি পাব বুলি আশা প্ৰকাশ কৰে । প্ৰসংগক্ৰমে তেওঁ শব্দই মানুহৰ হৃদয়ত তৰংগৰ সৃষ্টি কৰে বুলিও মন্তব্য কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই বিষয় বস্তু উত্থাপন কৰা আৰু চিৰ চেনেহী মোৰ ভাষা জননী বৃন্দগীতেৰে আৰম্ভ হোৱা সভাখনত টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰকুমাৰ তালুকদাৰেও প্ৰাসংগিক ভাষণ আগবঢ়ায় । টিহু সাহিত্য সভাৰ সম্পাদক হেমেন ৰাজবংশীয়ে আঁত ধৰা আৰু সভাপতি শংকৰকুমাৰ দাসে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সম্বৰ্ধনা গ্ৰহণ কৰি শিক্ষাবিদ কৰুণাকান্ত কলিতাই তেওঁৰ অনুভৱ প্ৰকাশেৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পৌৰাণিক নাটকৰ কেবাটাও বচন আওৰাই সভাস উপস্থিত থকা লোকসকলক বাৰুকৈয়ে আপ্লুত কৰে । টিহু সাহিত্য সভাৰ উপ সভাপতি ভৱেশচন্দ্ৰ দাসে উদ্বোধন কৰা সভাত কৰুণাকান্ত কলিতাৰ সহধৰ্মিনী জয়াৰাণী কলিতাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতাই । সভাত নলবাৰী জিলা সাহিত্য সভা, টিহু সাহিত্য সভা, চেতনা সাহিত্য সভা, টিহু মহাবিদ্যালয় কৰ্তৃপক্ষ, টিহু শাখা লেখিকা সমাৰোহ সমিতি, টিহু জ্যেষ্ঠ নাগৰিক সন্মিলন, বিবেকানন্দ বিদ্যা নিকেতন, টিহু আঞ্চলিক জ্ঞানজ্যোতি মহিলা পৰিষদ, টিহু টাউন ক্লাব, টিহু নাট চ’ৰা, টিহু হৰি মন্দিৰ, অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থা, কৰুণাধাৰাৰ টিহু মহকুমা সহায়ক সমিতি, বিদ্যা নগৰ শিৱ মন্দিৰ পৰিচালনা সমিতি, টিহুৰ জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, অসম গণ পৰিষদ দলৰ টিহু আঞ্চলিক সমিতি, টিহু ৰাজহুৱা পুথিভঁৰাল, টিক্ষু মহাৎত্মা গান্ধী ভৱন সমিতি, সুৰভি গোষ্ঠী, টিহু ৰাস মহোৎসৱ, হাৰিভাঙা সাহিত্য সভা, জলখানা–ভঠুৱাখানা সাহিত্য সভা, মাখিবাহা সাহিত্য সভা, আন্তৰ্জাতিক মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক পৰিষদ, টিহু মহকুমা সাংবাদিক সন্থা, টিহু হিন্দী বিদ্যাপীঠ, টিহু বিদ্যা নগৰ উন্নয়ন সমিতি, টিহু ক্ৰীড়া সন্থা, টিহু মহকুমা ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচন, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ নৰেন্দ্ৰনাথ দত্ত, ৰাষ্ট্ৰয় গৌৰৱ বঁটা প্ৰাপক শিক্ষক ৰমেশচন্দ্ৰ শৰ্মা, লেখিকা প্ৰতিভা দেৱী, কণিকা দাস বৰ্মন, পাৰুলৰাণী দেৱী, কনিমাৰা গাঁৱৰ গাঁওবুঢ়া মনোৰঞ্জন কলিতা, প্ৰাক্তন সাংবাদিক ৰজনী তালুকদাৰ, শিক্ষয়িত্ৰী বীণাপাণি কলিতা, বালিৰ শ্যামলী স্বপ্নৰ গোৱিন্দচন্দ্ৰ ভাগৱতী, টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নকান্ত শৰ্মা প্ৰমুখ্যে দুকুৰিৰো অধিক অনুষ্ঠান–প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে কৰুণাকান্ত কলিতালৈ সাদৰ সম্বৰ্ধনা জ্ঞাপন কৰে । সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই মানুহক অমৃতৰ সন্তান বুলি আখ্যা দি এনে মানুহে সমাজত সদায় ভাল কামেৰে নিজক স্থায়ী ৰূপ দি সমাজক আগুৱাই নিবলৈ মুকলি আহ্বান কৰে । অনুষ্ঠানত চেতনা সাহিত্য সভাৰ সম্পাদক প্ৰমোদচন্দ্ৰ ডেকাই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে অসম সংগীত পৰিৱেশনেৰে সভা সামৰা হয় ।

No comments