Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পিএম কেয়াৰ্ছ ফাণ্ডলৈ ১০১ টা চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ ১৫৫ কোটি টকা অনুদান

নতুন দিল্লী, ৭ ডিচেম্বৰ ঃ কোৰোনা মহামাৰীৰ সংকটকাল নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা পি এম কেয়াৰ্ছ ফাণ্ডলৈ ৰাজহুৱা খণ্ডৰ ১০১টা প্ৰ...

নতুন দিল্লী, ৭ ডিচেম্বৰ ঃ কোৰোনা মহামাৰীৰ সংকটকাল নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা পি এম কেয়াৰ্ছ ফাণ্ডলৈ ৰাজহুৱা খণ্ডৰ ১০১টা প্ৰতিষ্ঠানে নিজ কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি এই ফাণ্ডলৈ ১৫৫ কোটি টকাৰ অনুদান আগবঢ়ায়। এই কথা আৰটিআইৰ জৰিয়তে প্ৰকাশ পাইছে। আৰটিআইৰ তথ্য অনুসৰি সবাতোকৈ অধিক ধনৰাশি পি এম কেয়াৰ্ছ ফাণ্ডলৈ আগবঢ়াইছে বৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অ’এনজিচিয়ে। অ’এনজিচিয়ে নিজ কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি পি এম কেয়াৰ্ছ ফাণ্ডলৈ ২৯.০৬ কোটি টকাৰ অনুদান আগবঢ়াইছে। একেদৰে ইণ্ডিয়ান অয়ল কৰ্পোৰেচনে নিজ কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি এই ফাণ্ডলৈ ২৩.৯৯ কোটি টকা অনুদান আগবঢ়াইছে। 

আনহাতে নেচনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেচন (এনটিপিচি)এ কৰ্মচাৰীৰ দৰমহাৰ পৰা ৭.৫৮ কোটি টকা অনুদান আগবঢ়ায়। আনহাতে লোকচানৰ সন্মুখীন হৈ থকা বিএছএনএলে নিজ কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি পি এম কেয়াৰ্ছ ফাণ্ডলৈ ১১.৪৩ কোটি টকা অনুদান আগবঢ়ায়। আৰটিআইৰ তথ্য অনুসৰি ২৪টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিজ কৰ্মচাৰীৰ দৰমহাৰ পৰা পি এম কেয়াৰ্ছ ফাণ্ডলৈ এক কোটি টকাতকৈও অধিক ধনৰাশি আগবঢ়ায়। উল্লেখ্য যে পি এম কেয়াৰ্ছ ফাণ্ড আৰটিআইৰ জবাবদিহি নহয়। যাৰ বাবে পি এম কেয়াৰ্ছ ফাণ্ডলৈ কিমান ধনৰাশি জমা হৈছে সেয়া স্পষ্ট হোৱা নাই।

 কোৰোনা মহামাৰীৰ দেশত প্ৰাদুৰ্ভাৱ হোৱাৰ সময়ত ২৮ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে পি এম কেয়াৰ্ছ ফাণ্ড গঠন কৰিছিল। খবৰ অনুসৰি ৩১ মাৰ্চলৈ এই ফাণ্ডত জমা হৈছিল ৩,০৭৬.৬২ কোটি টকা। পি এম কেয়াৰ্ছৰ ৱেবছাইটত উল্লেখ থকা অনুসৰি এই ফাণ্ডত যিসকলে ধনৰাশি আগবঢ়াব বিচাৰে সেইসকলে আয়কৰ পৰিশোধ নকৰাকৈয়ে আগবঢ়াব পাৰিব। আনহাতে দেশৰ ৭টা ৰাজহুৱা খণ্ডৰ বেংকে পি এম কেয়াৰ্ছ ফাণ্ডলৈ ২০৪.৭৫ কোটি টকা অনুদান আগবঢ়াইছে। আনহাতে কেন্দ্ৰীয় শৈক্ষিক প্ৰতিষ্ঠানে ২১.৮১ কোটি টকা আগবঢ়াইছে পি এম কেয়াৰ্ছ ফাণ্ডলৈ। এই ধনৰাশি কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিয়ে আগবঢ়াইছে।

No comments