গণ বাৰ্তা বিশেষ, যোৰহাট, ২ ডিচেম্বৰ : যোৰহাট উন্নয়ন প্ৰাধিকৰণত সংঘটিত হৈছে এক বৃহৎ ভূমি কেলেংকাৰী। পশ্চিম যোৰহাটৰ কটকী পুখুৰীত থকা উন্নয়ন ...
গণ বাৰ্তা বিশেষ, যোৰহাট, ২ ডিচেম্বৰ : যোৰহাট উন্নয়ন প্ৰাধিকৰণত সংঘটিত হৈছে এক বৃহৎ ভূমি কেলেংকাৰী। পশ্চিম যোৰহাটৰ কটকী পুখুৰীত থকা উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ ৰাজহুৱা বাছ আস্থানৰ ১৪ বিঘা,৩ কঠা ১২ লেছা ভূমি চূড়ান্ত অনিয়মেৰে এজন অনা অসমীয়া বণিয়াক আবাসীক আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে চুক্তি কৰি গতাই দিছে। তথ্যসহ এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰি যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিন্টু গোস্বামীয়ে এক সংবাদমেলত এক প্ৰকাৰ হুংকাৰ দি এই কাম শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়। ৰাজহুৱা বাছ আস্থানটোৰ এই বৃহৎ পৰিমাণৰ ভূমি গোপন লেন দেনেৰে দিবলৈ গৈ উন্নয়ন প্ৰাধিকৰণে ততাতৈয়াকৈ এটা ৱেবছাইড খুলি অনা অসমীয়া বনীয়া জনৰ স্বাৰ্থত ১/৭/২০২০ তাৰিখে এক টেণ্ডাৰৰ জাননী দিয়ে। কোনো স্থানীয় বাতৰি কাকতত ইয়াৰ বিজ্ঞাপন প্ৰকাশ কৰা নাছিল। আৰু টেণ্ডাৰৰ কোনো নীতি নিৰ্দেশনা ইয়াত প্ৰকাশ কৰা নাছিল। এইদৰেই নীতিশ জৈন নামৰ এজন অনা অসমীয়া বনীয়াৰ " জৈনকো মেকানিকেল কষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড" নামৰ ফাৰ্মখনৰ সৈতে প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামীৰ এক চুক্তি ৬/১০/২০২০ তাৰিখে পঞ্জীয়ন হয়। এই ভূমিত নিৰ্মান হব লগীয়া আবাসীক আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ ২০ শতাংশ আৰু ২৩ শতাংশ উন্নয়ন প্ৰাধিকৰণে লাভ কৰিব আৰু বাকী সমূহ অনা অসমীয়া বণিয়াজনে লাভ কৰিব। এই ভূমিত নিৰ্মাণ কৰিব লগীয়া আবাসীক আৰু ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ বিক্ৰী কৰিব পৰাকৈ " পাৱাৰ অফ এটৰণী" দিয়া হৈছে ব্যৱসায়িজনক। যোৰহাটৰ মাজ মজীয়াৰ প্ৰায় এশ কোটি টকীয়া এই ভূমি যোৰহাটৰ ৰাজহুৱা সম্পদ। কোনো ধৰণৰ ধনৰ প্ৰয়োগ নকৰাকৈ এখন মাত্ৰ চুক্তিৰ জৰিয়তে এই বৃহৎ পৰিমানৰ ভূমি এজন অনা অসমীয়াক গতাই দিয়াৰ পাছত চিৰদিনলৈ সেই ভূমিৰ অধিকাৰ হেৰুৱাব যোৰহাটৰ ৰাইজে। এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ অধিবক্তা ৰিন্টু গোস্বামী সহ সচেতন নাগৰিক সকলে দাবী জনায়। লগতে ২৪ ঘণ্টাৰ ভিতৰত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়। যিহেতু এই প্ৰক্ৰিয়া প্ৰথম কংগ্ৰেছ চৰকাৰৰ দিনৰ সভাপতি মাধৱ বৰুৱাৰ দিনতেই হাতত লোৱা হৈছিল যদিও কাৰ্যকৰি হবলৈ নাপালে, সেয়ে প্ৰাক্তন বিধায়ক ৰানা গোস্বামীৰ স্থিতি স্পষ্ট কৰাৰ দাবীও উত্থাপিত হয় সংবমেলত। সংবাদমেলত উপস্থিত থাকে অধিবক্তা ইন্দ্ৰজিত কাকতি, গৌতম বৰা, বিশিষ্ঠ নাগৰিক নয়ন শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে।
No comments