সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰ: চিৰাং জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ দশম বাৰ্ষিক অধিৱেশন খন আজি ১৪২ নং ৰৌমাৰী ছোৱালী প্ৰাথমিক বিদ...
সঞ্জয় সৰকাৰ , কাজলগাঁও , ২০ ডিচেম্বৰ: চিৰাং জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ দশম বাৰ্ষিক অধিৱেশন খন আজি ১৪২ নং ৰৌমাৰী ছোৱালী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সন্থাৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি থানেশ্বৰ ব্ৰহ্মই । পিছত ৯.৩০ বজাত সমিতিৰ সহকাৰী সম্পাদক কনচাই বৰগয়াৰীয়ে শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আত ধৰে । দহ বজাত জিলা সভাপতি থানেশ্বৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখন সদৌ বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক কামিনী বসুমতাৰীয়ে সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । সভাত প্ৰাথমিক বিদ্যালয় তথা শিক্ষকসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বিতংভাবে আলোচনা অনুষ্ঠিত কৰি সেইবোৰৰ সমাধান সুত্ৰ উলিওৱাৰ বাবে পৰবৰ্তী কৰ্মসূচী হিছাবে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গৃহীত কৰা হয়। উক্ত সভাতে থানেশ্বৰ বসুমতাৰীক পুনৰবাৰ সভাপতি, কনচাই বসুমতাৰীসহ খৌৰোমস্ৰাও ব্ৰহ্ম আৰু ৰেণুমালি নাৰ্জাৰী উপ সভাপতি, দীপক বসুমতাৰীক সাধাৰণ সম্পাদক , বাবুৰাম বসুমতাৰী ৰচিন বসুমতাৰী আৰু ভাৰতী মুছাহাৰীসহ তিনি গৰাকীক সহকাৰী সম্পাদক তথা জাইৰাও বসুমতাৰীক কোষাধ্যক্ষ, কামিনী বসুমতাৰী মাণিক কুমাৰ গয়াৰী আৰু সমাইশ্ৰী মুছাহাৰী, প্ৰতাপ নাৰ্জাৰীক উপদেষ্টা হিছাপে লৈ চিৰাং জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ ২১ জনীয়া নতুন কাৰ্য নিৰ্বাহক সমিতিখন গঠন কৰা হয় । সভাত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰি চিৰাং জিলা বড়ো সাহিত্য সভাৰ সভাপতি নগেন্দ্ৰ নাৰ্জাৰী আৰু কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি কেশব বস্নেতে সাম্প্ৰতিক সময়ত শিক্ষাৰ পৰিৱেশ আৰু শিক্ষকসকলৰ কৰ্তব্যৰ ওপৰত মন্তব্য আগবঢ়ায় । উক্ত সমাৰোহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক শিক্ষক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।
No comments