গণ বাৰ্তা, ডিব্ৰুগড়, ২৪ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ ৰাজগড়স্হিত সাই বিবাহ ভৱনত বৃহস্পতিবাৰে আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টচ ইউনিয়ন চমুকৈ আপকু ডিব্...
গণ বাৰ্তা, ডিব্ৰুগড়, ২৪ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ ৰাজগড়স্হিত সাই বিবাহ ভৱনত বৃহস্পতিবাৰে আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টচ ইউনিয়ন চমুকৈ আপকু ডিব্ৰুগড় জিলাৰ অন্তিমখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায়। আপকুৰ জিলা সমিতিৰ সভাপতি আব্দুল ৰাজ্জাকৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত কেন্দ্ৰীয় সভাপতি মনোজ সিঙে পৰ্যবেক্ষক ৰূপে উপস্হিত হৈ আপকুৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে মফচলীয় সাংবাদিকৰ ন্যাৰ্যপ্ৰাপ্তি, সুৰক্ষা আৰু অধিকাৰৰ সন্দৰ্ভত বিস্তৃত আলোকপাত কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সম্পাদক স্মৃতিৰেখা কলিতাই। এই সভাতে সৰ্বসন্মতিক্ৰমে সভাপতি ধৰণী গগৈ (ডিব্ৰুগড়), কাৰ্যকৰী সভাপতি উৎপল চলিহা (নাহৰকটীয়া), উপ-সভাপতি ক্ৰমে সীমান্ত ভাগৱতী (নাহৰকটীয়া), ব্ৰজেন গগৈ (দুলীয়াজান), সম্পাদক কৃষ্ণা গগৈ ( দুলীয়াজান), সহকাৰী সম্পাদকদ্বয় আচিফ ইকবাল (নাহৰকটীয়া), মিৰান ইছলাম (ৰাজগড়), পত্ৰিকা সম্পাদক ভূষণজ্যোতি সন্দিকৈ (ডিব্ৰুগড়), কোষাধ্যক্ষ দীপক গগৈ ( টেঙাখাট) প্ৰমুখ্যে ৩১ জনীয়া নৱনিৰ্বাচিত আপকু ডিব্ৰুগড় জিলাৰ দুবছৰীয়া কাৰ্যকালৰ সমিতিখন গঠন কৰা হয়। আনহাতে আজিৰ সভাই কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে ডিব্ৰুগড় জিলাৰ পৰা আব্দুল ৰাজ্জাক (নাহৰকটীয়া), স্মৃতিৰেখা কলিতাক (নামৰূপ) নাম মনোনিত কৰে। এই সভাতে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই ৰাজ্যিক বিজেপি মিডিয়া সম্পৰ্ক বিভাগৰ সদস্য বিষ্ণু কোঁচ, সমাজসেৱক সঞ্জয় কালোৱাৰ, টিংখাং আঞ্চলিকৰ ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোজ শ্বাহে।
No comments