Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃব্ৰাউন চুগাৰসহ ধৃত ৯ ড্ৰাগছ মাফিয়া

  ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৫ ডিচেম্বৰ ঃ ড্ৰাগ্‌ছৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীয়ে নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ ভিন্ন প্ৰান্তত ড্ৰাগ...

 

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৫ ডিচেম্বৰ ঃ ড্ৰাগ্‌ছৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত নগাঁও আৰক্ষীয়ে নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ ভিন্ন প্ৰান্তত ড্ৰাগ্‌ছবিৰোধী অভিযান চলাই আহিছে যদিও ড্ৰাগ্‌ছৰ ঘাটিসমূহ নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই। আজিও বিয়লি নগাঁও আৰক্ষীয়ে চহৰখনৰ নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱত আৰ আৰ বি ৰোডত ড্ৰাগ্‌ছৰ বিৰুদ্ধে এক অভিযান চলাই এটা ড্ৰাগ্‌ছৰ ঘাটি উৎখাত কৰাৰ লগতে নগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযান কালত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰো জব্দ কৰে। 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগ্‌ছ ব্যৱসায়ৰ লগত জড়িত লোককেইগৰাকী হ’ল খুঁটিকটীয়াৰ বিকি দাস (২০), আৰ আৰ বি ৰোডৰ চোমে দাস (৩৬), ডাকোৱাল গাঁৱৰ মুনীন্দ্ৰ দাস (৩৬), হৰিজন কলনীৰ অভিষেক বাল্মীকি (২১),  হৰিজন কলনীৰ অৰ্জুন বাল্মীকি (২০), ছোট হয়বৰৰ আমীৰ উদ্দিন ২৫), কেঁচা আলিৰ বিশ্বজিৎ মজুমদাৰ (২৮), বকলীয়া বৰপথাৰৰ হেমন্ত টিচু (২৪)। ড্ৰাগ্‌ছৰ ঘাটিটোৰ পৰা আৰক্ষীয়ে এ এছ-০২এবি-২৬৯৭, এ এছ-০২এছ-৯২৫৫ নম্বৰৰ দুখন স্কুটী আৰু এখন নম্বৰপ্লে­টবিহীন মটৰচাইকেলো জব্দ কৰে। এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে হয়বৰগাঁও আৰক্ষীৰ সহযোগত এই অভিযান চলাইছিল। দক্ষিণ হয়বৰগাঁৱৰ মিনু দাস নামৰ এগৰাকী মহিলাৰ বাসগৃহত এই ড্ৰাগ্‌ছৰ ঘাটিটো চলাই আহিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে। যাৰ বাবে বিনষ্ট হৈ পৰিছিল অঞ্চলটোৰ পৰিৱেশ।

No comments