Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মঙলদৈ কস্তুৰী শিশু গৃহত ১৪ আবাসীৰ জন্মদিন পালন

  ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৭ ডিচেম্বৰঃ এজন বা দুজন নহয়, মঙলদৈ কস্তুৰী শিশু গৃহত বসবাস কৰা ১৪ জন অনাথ শিশু, কিশোৰ - কিশোৰীৰ জন্মদিন পৃথকে পৃথক...


 ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৭ ডিচেম্বৰঃ এজন বা দুজন নহয়, মঙলদৈ কস্তুৰী শিশু গৃহত বসবাস কৰা ১৪ জন অনাথ শিশু, কিশোৰ - কিশোৰীৰ জন্মদিন পৃথকে পৃথকে উদযাপন নকৰি  একেলগে উদযাপন কৰি এক দৃষ্টান্ত দাঙি ধৰিলে প্ৰতিষ্ঠানটোৰ অধীক্ষক ৰশ্মিৰেখা শৰ্মাই। শুকুৰবাৰে এক উৎসৱমুখৰ পৰিবেশত ডাঙৰ কেক কাটি উপস্থিত তিনি শতাধিকে সমস্বৰে গালে মানৱতাৰ জয়গান। আনকি আবাসী অভিশেষ, দীপজ্যোতি, নয়ন, তচিফা, মুন্নী, অঞ্জলি, জ্যোতিস্মিতা, সুকন্যা, সংগীতা, গোলাপী, পাপৰি, মেহজুবিন, বেবী আদিয়ে বিহু নৃত্য, আধুনিক নৃত্য, গীত আদি পৰিবেশন কৰি সকলোকে মোহাচ্ছন্ন কৰে। অধীক্ষক ৰশ্মিৰেখা শৰ্মাই আঁত ধৰা এই অনুষ্ঠান উদ্বোধন কৰে সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সমাজকৰ্মী তথা উদ্যোগপতি অনুপম ডেকাই কয়, বিশেষভাৱে সক্ষম সকলে বিভিন্ন প্ৰতিবন্ধকতা মাজতো জীয়াই থকাৰ চেষ্টা কৰি বিভিন্ন ক্ষেত্ৰত উজলি উঠাৰ বিপৰীতে সমাজৰ এচামে শাৰীৰিক সক্ষমতা থকাৰ পিছতো কাম বন নকৰি আনৰ ওপৰত নিৰ্ভৰশীল হৈ চলিবলৈ প্ৰয়াস কৰে। আচলতে সক্ষমতা থকাৰ পিছতো কাম বন নকৰা সকলেই প্ৰকৃততে বিকলাংগ বুলি তেওঁ কয়। তেওঁ লগতে ১৩ বছৰে হুইল চেয়াৰত জীৱন নিৰ্বাহ কৰা ডাঁহীৰ তালিপাৰাৰ ধনমণি ডেকাই এখন ই ৰিক্সা পালে গাঁৱে গাঁৱে ব্যবসায় কৰাৰ মন বান্ধি লোৱাত প্ৰশংসা কৰি ধনমণিক ই ৰিক্সাখন দিয়াৰ অংংগীকাৰ কৰে। আনহাতে এই অনুষ্ঠানতে ধনমণি ডেকাৰ ব্যবসায়ত সহায়ক হোৱাকৈ অৰবিন্দ্ৰ হাজৰিকাই দুহেজাৰ টকা, ডিম্বেশ্বৰ ডেকা, জুলি ডেকা, ডঃ ৰাধিকা দেৱী, দেৱাশ্ৰী কাকতি, মৰমী আত্মসহায়ক গোট আদিয়ে এহেজাৰ টকাকৈ প্ৰদান কৰি মানৱতাৰ জয়গান গায়। ৰাইজে আকুণ্ঠ মৰম তথা জীয়াই থকাৰ প্ৰেৰণা দিয়াৰ বাবে ধনমণি ডেকাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত বিধায়ক গুৰুজ্যোতি দাস, আৰক্ষী অধীক্ষক অমৃত ভূঞা, অধ্যাপিকা ডঃ ৰাধিকা দেৱী, মহকুমা ন্যায়িক দণ্ডাধীশ এছ নেৱাজ, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব পম্পী চক্ৰৱৰ্তী, কিশোৰ ন্যায় বৰ্ডৰ সদস্য লুটফুৰ জামান, জ্যেষ্ঠ সাংবাদিক গণেশ দত্ত,  অৱসৰী অধ্যাপিকা ডঃ বাসন্তী বৰুৱা, বেংক বিষয়া সোণজিৎ তালুকদাৰ, বিশিষ্ট ৰক্তদাতা হৰিমন ডেকা, শেখৰ মজুমদাৰ, নবোদয় বিদ্যালয়ৰ অধ্যক্ষ প্ৰজেছ, বিশিষ্টা নৃত্য শিল্পী ভানু ডেকা চহৰীয়া, সমাজকৰ্মী নৱনীতা বৰুৱা, মানবপ্ৰতীম দাস, যুতিকা নাথ আদি উপস্থিত থাকি কস্তুৰী শিশু গৃহৰ আবাসী সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে 'তোমালোক অকলশৰীয়া নহয়, তোমালোকৰ সুখ দুখৰ লগৰী হৈ আমি সদায়ে আছো' বুলি কয়।

No comments