গনবাৰ্তা দলগাও /খাৰুপেটীয়া, ১১ ডিচেম্বৰ: খাৰুপেটীয়াৰ থানাৰ অন্তৰ্গত ৪ নং আৰিমাৰি গাঁৱত ৩০ নবেম্বৰত ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলৰ বৰ্বৰ আ...
গনবাৰ্তা দলগাও /খাৰুপেটীয়া, ১১ ডিচেম্বৰ: খাৰুপেটীয়াৰ থানাৰ অন্তৰ্গত ৪ নং আৰিমাৰি গাঁৱত ৩০ নবেম্বৰত ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলৰ বৰ্বৰ আক্ৰমণত হাচমত আলী নামৰ কৃষকজন নিহত হোৱাৰ লগতে গুৰুতৰ আহত হৈছিল মহিলা সহ দুগৰাকী । উক্ত ঘটনাৰ বিৰুদ্ধে পৰিয়ালে ১ ডিচেম্বৰত থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত খাৰুপেটীয়া থানাৰ আৰক্ষী বিষয়া মন্টু বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উক্ত বৰ্বৰ কাণ্ডত জড়িত থকা বৃহত দলটোৰ আঠ গৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন হল - কদম আলী , হুছেইন আলী, আবিজুদ্দিন, ৰহিম আলী, তমচেৰ আলী , মহিম আলী, আফচৰ আলী আৰু খজিৰ আলী । খাৰুপেটীয়া আৰক্ষীয়ে অভিযুক্ত কেইজনৰ বিৰুদ্ধে ৫১৩/২০ নম্বৰত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে আৰিমাৰিত গাঁৱৰ আক্কাচ আলিৰ চোতালত থকা নিজা পকা ধান কদম আলী , হুছেইন আলিৰ নেতৃত্বত ২০-২৫ জনীয়া এটা দলে ৰড , লাঠি আদিৰে সু সজ্জিত হৈ জোৰ জবৰদস্তি কাটি লৈ যাবলৈ ধৰাত বাধা প্ৰদান কৰাত বৃহত দলটোৱে লাঠি ৰড আদিৰে আক্ৰমণ কৰিছিল আক্কাচ আলিৰ লগতে পুত্ৰ হাছমত আলি (৩২) আৰু পুত্ৰ বোৱাৰী মচিলা খাতুনক । ফলত গুৰুতৰ ভাৱে আহত হৈছিল হাছমত আলি ,মচিলা খাতুন আৰু পিতৃ আক্কাচ আলি । সংকটজনক অৱস্থাত জি এম চিত প্ৰেৰণ কৰা হৈছিল হাচমত আলিক । জি এম চিত চিকিৎসাধীন অবস্থাত মৃত্যু হৈছিল হাচমত আলিৰ । উক্ত কাণ্ডত জড়িত থকা বৃহত দলটোৰ আঠগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।
No comments