মেলবৰ্ণ, ২৮ ডিচেম্বৰ: এদিলেড টেষ্টৰ লজ্যাজনক পৰাজয়ৰ পিছত ভাৰতে মেলবৰ্ণ টেষ্ট দখল কৰি অষ্ট্ৰেলিয়াক দিছে যোগ্য প্ৰত্যুতৰ দিছে। বিৰাট কোহলীৰ অন...
মেলবৰ্ণ, ২৮ ডিচেম্বৰ: এদিলেড টেষ্টৰ লজ্যাজনক পৰাজয়ৰ পিছত ভাৰতে মেলবৰ্ণ টেষ্ট দখল কৰি অষ্ট্ৰেলিয়াক দিছে যোগ্য প্ৰত্যুতৰ দিছে। বিৰাট কোহলীৰ অনুপস্থিতিতো ভাৰতীয় দলটোৱে দুৰ্দান্ত বলিং আৰু বেটিং প্ৰদৰ্শন দাঙি ধৰি মেলবৰ্ণ টেষ্টৰ চতুৰ্থ দিনা ৮টা উইকেটৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয় লাভ কৰি ছিৰিজত সমতা স্থাপন কৰিছে। এই মেচত ভাৰতৰ হৈ প্ৰথমবাৰলৈ টেষ্ট ক্ৰিকেট খেলা মহম্মদ ছিৰাজৰ প্ৰদৰ্শন অভূতপূৰ্ব আছিল। মেলবৰ্ণ টেষ্টৰে টেষ্ট কেৰিয়াৰ আৰম্ভ কৰা মহম্মদ ছিৰাজে মুঠ পাঁচটা উইকেট দখল কৰে। প্ৰথম ইনিংছত তেওঁ দুটা উইকেট দখল কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত তিনিটা উইকেট দখল কৰে।ইয়াৰ লগতে মহম্মদ ছিৰাজে ৫৩ বছৰৰ পিছত সেই কাৰ্য কৰা প্ৰথম বলাৰ হৈ পৰিছে, যি ইয়াৰ পূৰ্বে ১৯৬৭ত চৈয়দ আবিদ আলীয়ে এদিলেডত কৰিছিল। সেই সময়ৰ ভাৰতীয় বলাৰ চৈয়দ আবিদ আলীয়ে এদিলেডত কেৰিয়াৰৰ প্ৰথম টেষ্ট খেলি ৭টা উইকেট দখল কৰিছিল। ইয়াৰ ৫৩বছৰৰ পিছত সেই কাৰ্য কৰিছে ছিৰাজে। উল্লেখযোগ্য যে চৈয়দ আবিদ আলী আৰু মহম্মদ ছিৰাজ দুয়োজন হয়দৰাবাদৰ।
No comments