Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অৰ্দ্ধশতাধিকৰ ৰাইজৰ দলত যোগদান নামদেউৰী গাঁৱত সমিতি গঠন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,২ঌ ডিচেম্বৰঃ দেৰগাওঁ সমষ্টিৰ অন্তৰ্গত ৩৯ নং নামদেউৰী গাওঁ পঞ্চায়তত আজি অৰ্দ্ধশতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে | এই উপ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,২ঌ ডিচেম্বৰঃ দেৰগাওঁ সমষ্টিৰ অন্তৰ্গত ৩৯ নং নামদেউৰী গাওঁ পঞ্চায়তত আজি অৰ্দ্ধশতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে | এই উপলক্ষে নামদেউৰী গাঁৱত হোৱা এখন সভাত উপস্থিত থাকে ৰাইজৰ দলৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক সূৰ্যমোহন দাস আৰু তথ্য আৰু প্ৰচাৰ  সম্পাদক ধ্ৰুৱজ্যোতি বৰা | দীৰ্ঘদিন অসম গণ পৰিষদৰ কৰ্মকৰ্তা হিচাপে কামকৰি অহা লোকসকলে বৰ্তমান অগপ দলটোৰ জাতিদ্ৰোহী তথা বিজেপিৰ ওচৰত কৰা আত্মসমৰ্পণৰ বাবে বিক্ষুব্ধ হৈ আপোচহীন নতুন আঞ্চলিক শক্তি ৰাইজৰ দলত যোগদান কৰে | মিঠুন দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত লক্ষ্মণ দেউৰীক সভাপতি দীপালি দেউৰীক কাৰ্যকৰী সভানেত্ৰী, হীৰক দেউৰীক উপ সভাপতি,মিঠুন দেউৰীক সম্পাদক, কমল দেউৰী আৰু মানৱ দেউৰীক সহকাৰী সম্পাদক হিচাপে লৈ ৩৯ জনীয়া নামদেউৰী গাঁও প্ৰাথমিক সমিতি গঠন কৰা হয় |

No comments