Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০ ডিচেম্বৰত বঙাইগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ ঊনবিংশতম দ্বি- বাৰ্ষিক অধিৱেশন

  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ ঊনবিংশতম দ্বি- বাৰ্ষিক অধিৱেশনখন অহা ২০ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'...

 



অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ ঊনবিংশতম দ্বি- বাৰ্ষিক অধিৱেশনখন অহা ২০ ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ৷ বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত জ্ঞানোদয় জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰিব যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গণেশ দাসে ৷ ইয়াৰ পিচতে শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ব্ৰজেন বৰুৱাই ৷ গছ পুলি ৰোপন কৰিব জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অশোক দাসে ৷ অধিৱেশন উপলক্ষে প্ৰতিনিধি সভা ,বিষয় বাচনি সভা অনুষ্ঠিত হ'ব ৷ আনহাতে সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব জিলা যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰত্নেশ্বৰ শৰ্মাই ৷ অধিৱেশনৰ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা ,সাধাৰণ সম্পাদক পলাশ চাংমাই,সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ণৰ লগতে কেন্দ্ৰীয় নেতৃবৃন্দ ৷ অধিৱেশনৰ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ অন্তৰ্গত যুৱ ছাত্ৰ পৰিষদৰ সমূহ সদস্য তথা সতীৰ্থৰ সহায় - সহযোগিতা অভ্যৰ্থানা সমিতিৰ সভাপতি মনু সিংহ আৰু সাধাৰণ সম্পাদক ধৰ্মকান্ত ৰায়ে কামনা কৰিছে ৷ 


No comments