Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পাকিস্তানৰ বিৰুদ্ধে ছিৰিজ দখলৰ দিশে নিউজিলেণ্ড

  টৌৰাংগ, ২৯ ডিচেম্বৰ: ২৬ ডিচেম্বৰৰ পৰা পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত চলি থকা দুখন মেচৰ টেষ্ট ছিৰিজৰ প্ৰথমখন দখলৰ দিশে অগ্ৰসৰ হৈছে ঘৰুৱা দল...

 


টৌৰাংগ, ২৯ ডিচেম্বৰ: ২৬ ডিচেম্বৰৰ পৰা পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত চলি থকা দুখন মেচৰ টেষ্ট ছিৰিজৰ প্ৰথমখন দখলৰ দিশে অগ্ৰসৰ হৈছে ঘৰুৱা দলটো। পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত শক্তিশালী স্থিতিত আছে নিউজিলেণ্ড দলটো। ৩০ ডিচেম্বৰলৈ চলিব লগা প্ৰথমখন টেষ্টৰ চতুৰ্থ দিনা অৰ্থাৎ আজিৰ মেচ সামৰণি পৰালৈ পাকিস্তানে দ্বিতীয় ইনিংছত ৩টা উইকেট হেৰুৱাই ৭১ৰান সংগ্ৰহ কৰে। নিউজিলণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত পাকিস্তানক জিকিবলৈ আৰু প্ৰয়োজন ৯৮ অভাৰত ৩০২ৰান ৰান। পাকিস্তানৰ হৈ বেটিঙত আছে আবিদ আলী আৰু ফাৱাদ আলম। উল্লেখ্য যে প্ৰথমখন টেষ্টত পাকিস্তানে টছত জিকি নিউজিলেণ্ডক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। সেই অনুসৰি নিউজিলেণ্ড দলটোৱে প্ৰথম ইনিংছৰ বেটিং কৰিবলৈ আহি পাকিস্তানৰ বিৰুদ্ধে আটাইকেইটা উইকেট হেৰুৱাই ৪৩১ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ প্ৰথম ইনিংছত অধিনায়ক কেন উইলিয়ামছনে সৰ্বাধিক ১২৯ৰান সংগ্ৰহ কৰে। আনহাতে পাকিস্তানে প্ৰথম ইনিংছত ২৩৯ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ প্ৰথম ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে ফাহীম আশ্ৰাফে। তেওঁ ৯১ৰান সংগ্ৰহ কৰে। নিউজিলণ্ড দলটোৱে দ্বিতীয় ইনিংছত ১৮০ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ দ্বিতীয় ইনিংছত টম বোলেনডেলে সৰ্বাধিক ৬৪ৰান সংগ্ৰহ কৰে।

No comments