ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ ডিচেম্বৰ: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টুডিয়ামত অনুষ্ঠিত হোৱা জে ডি এছ এ কাপ ফুটবল প্ৰতিযোগিতাৰ ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ ডিচেম্বৰ: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টুডিয়ামত অনুষ্ঠিত হোৱা জে ডি এছ এ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলত যোৰহাট টাউন ক্লাৱে ,ৰেডিয়েন্ট ক্লাৱক ১--০ গলত পৰাভূত কৰি যোৰহাট টাউন ক্লাৱ চূড়ান্ত বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হয় । আজি তীব্ৰ উত্তেজনাপূর্ণ খেল খনত দুয়োটা দলে সুন্দৰ খেল দাঙি ধৰে যদিও খেল খনৰ৭৯ মিনিটত যোৰহাট টাউন ক্লাৱে ৰেডিয়েন্ট ক্লাৱক এটা গল দিয়ে । গলটো দিয়ে চিৰঞ্জীৱ তামূলীয়ে । আজিৰ চূড়ান্ত খেল খনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান আৰু লাভ কৰে ৰেডিয়েন্ট ক্লাৱৰ ৰাজীৱ কৰ্মকাৰে । নগদ ধন আৰু বঁটা প্ৰদান কৰে যোৰহাট ফুটবল কচিং চেণ্টাৰে । আৰু বঁটাটি প্ৰদান জেষ্ঠ ক্ৰীড়া সংগঠক ননী দত্তই । পুলিবৰৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰুবুল আলিয়ে আগবঢ়োৱা শ্ৰেষ্ঠ গল কিপাৰ বঁটা লাভ কৰে যোৰহাট টাউন ক্লাৱৰ চন্দন নেওগে ।এই বঁটা প্ৰদান কৰে অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সভাপতি বুদ্ধৰাজ ছেত্ৰীয়ে । প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে যোৰহাট টাউন ক্লাৱৰ ভৰত শইকীয়াই । এই বঁটা আগবঢ়াই ৰেডিয়েন্ট ক্লাৱে আৰু বঁটা প্ৰদান কৰে জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি পুতুল বুঢ়াগোহাঁইয়ে। বিজিত দল ৰেডিয়েন্ট ক্লাৱক প্ৰয়াত নিৰু বৰুৱা সোঁৱৰণী ট্ৰফী আৰু নগদ ধন প্ৰদান কৰে দাঁতা পৰিয়ালবৰ্গৰ সদস্য সঞ্জীৱ বৰুৱা আৰু জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক নিৰ্মল চেতিয়াই । বিজয়ী দল যোৰহাট টাউন ক্লাৱক প্ৰয়াত উত্তম বৰুৱা ট্ৰফী আৰু নগদ ধন প্ৰদান কৰে অসম ফুটবল সন্থাৰ বিষয়ববীয়া হীৰেন গগৈয়ে । উক্ত খেলখনৰ বঁটা বিতৰণী সভাত উল্লেখিত ব্যক্তিকেইজনৰ লগতে বহু কেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ।
No comments