Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গোৱালপাৰাৰ পুৰণি জয়পুৰত অবৈধ কাঠফলা মিল উচ্ছেদ

আনিছুল জামান,১৬ ডিচেম্বৰ -গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত পুৰণি জয়পুৰৰ পৰা আজি পুৱা এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হয়। গোৱালপাৰা  আঞ্চ...


আনিছুল জামান,১৬ ডিচেম্বৰ -গোৱালপাৰা জিলাৰ বগুৱান থানাৰ অন্তৰ্গত পুৰণি জয়পুৰৰ পৰা আজি পুৱা এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰা হয়। গোৱালপাৰা  আঞ্চলিক বন বিষয়া শান্তনা মেধীৰ নেতৃত্বত  আৰু বগুৱান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাবিৰ আলীৰ সহযোগত এক অভিযান চলাই এটা অবৈধ কাঠফলা মিল সহ প্ৰায় তিনি লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্ধকৃত কাঠফলা মেচিন সহ কাঠ সমূহ গোৱালপাৰা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ অনা হৈছে। উল্লেখ যে যি সময়ত গোৱালপাৰা আঞ্চলিক বন বিষয়া শান্তনা মেধীয়ে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে জেহাত ঘোষণা কৰিছে ঠিক তেনে সময়তে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ ছত্ৰছায়াতে অসাধু চক্ৰ এটাই জিলা খনত বনজ সম্পদ চোৰাং কাৰবাৰ অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন হৈছে।

No comments