নতুন দিল্লী, ৬ ডিচেম্বৰ ঃ কোৰোনা মহামাৰীয়ে আঘাত হনা দেশৰ অৰ্থব্যৱস্থা তথা মুঠ ঘৰুৱা উৎপাদন (জিডিপি) স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ লাগিব আৰু...
নতুন দিল্লী, ৬ ডিচেম্বৰ ঃ কোৰোনা মহামাৰীয়ে আঘাত হনা দেশৰ অৰ্থব্যৱস্থা তথা মুঠ ঘৰুৱা উৎপাদন (জিডিপি) স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ লাগিব আৰু এটা বছৰ। ২০২১-২২ বিত্তীয় বৰ্ষতহে দেশৰ অৰ্থব্যৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি আজি প্ৰকাশ কৰিছে নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে। ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম দুটা ত্ৰৈমাসি¸কত দেশৰ জিডিপি ঋণাত্মক অৱস্থালৈ গতি কৰিছে। প্ৰথমটো ত্ৰৈমাসি¸কত দেশৰ জিডিপিৰ হাৰ অভাৱনীয় হাৰত হ্ৰাস পাই হয়গৈ -২৩.৯ শতাংশ ।
আনহাতে দ্বিতীয়টো ত্ৰৈমাসি¸কত দেশৰ জিডিপিৰ হাৰ হয় -৭.৫ণ। চলিত বিত্তীয় বৰ্ষটোত দেশৰ জিডিপি হাৰ -৮ণ ৰ তলতে থকাৰ অনুমান প্ৰকাশ কৰিছে নীতি আয়োগৰ উপাধ্যক্ষগৰাকীয়ে। ইয়াৰ পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকে চলিত বিত্তীয় বৰ্ষত দেশৰ জিডিপি হাৰ -৭.৫ শতাংশ থকাৰ অনুমান প্ৰকাশ কৰিছিল। প্ৰথমে -৯.৫ণ থকাৰ প্ৰকাশ কৰিছিল যদিও পিছত শুধৰণি কৰি -৭.৫ শতাংশ থকাৰ কথা অনুমান প্ৰকাশ কৰে। নীতি আয়োগৰ উপাধ্যক্ষগৰাকীয়ে আজি কয় যে ক’ভিড-১৯ৰ পূৰ্বৰ অৰ্থব্যৱস্থাৰ পৰিস্থিতিলৈ ঘূৰি আহিবলৈ আৰু এটা বছৰ লাগিব। আগন্তুক বিত্তীয় বৰ্ষতহে অৰ্থব্যৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।
No comments