Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টিহু মণ্ডল কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

টিহু, ৯ ডিচেম্বৰ  : টিহু মণ্ডল কিষাণ  মৰ্চাৰ প্ৰথম খন  কাৰ্যনিৰ্বাহক সভা আজি   টিহু মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়  । টিহু মণ্ডল কি...



টিহু, ৯ ডিচেম্বৰ  : টিহু মণ্ডল কিষাণ  মৰ্চাৰ প্ৰথম খন  কাৰ্যনিৰ্বাহক সভা আজি   টিহু মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়  । টিহু মণ্ডল কিষাণ মৰ্চাৰ   সভাপতি শৈলেন্দ্ৰ চৌধুৰীৰ  সভাপতিত্বত অনুষ্ঠিত উক্ত  কাৰ্যনিৰ্বাহক সভাত নলবাৰী জিলা বিজেপিৰ  উপ-সভাপতি জয়ন্ত বুজৰ বৰুৱা, অসম ৰাজ্যিক কিষাণ মৰ্চাৰ উপ সভাপতি নিৰেন কলিতা, নলবাৰী জিলা কিষাণ মৰ্চাৰ সভাপতি ৰেখান্ত দাস,  সম্পাদক ৰুবুল শৰ্মা,  বজালী জিলা কিষাণ মৰ্চাৰ সভাপতি গনেশ কলিতা, নলবাৰী জিলা বিজেপিৰ সম্পাদিকা ডিপ্তী চৌধুৰী,  টিহু মণ্ডল কিষাণ মৰ্চাৰ প্ৰভাৰী গোপেশ ভৰালী আদি কেইবাজনো নেতাই অংশ লয় । টিহু মণ্ডল কিষাণ  মৰ্চাৰ সাধাৰণ  সম্পাদক পৰেশ কলিতাই  আতধৰা সভা খনত  আগন্তুক দিনত বিজেপি দলক  অধিক শক্তিশালী কৰিবলৈ কিষাণ  মৰ্চাৰ  কাৰ্যকৰ্তা  সকলক ৰাইজৰ কাষলৈ যাবলৈ  আহ্বান জনায় নলবাৰী জিলা বিজেপিৰ উপ সভাপতি জয়ন্ত বুজৰ বৰুৱাই  । বৰ্তমানৰ বিজেপি চৰকাৰে কৃষকক অধিক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি কৃষকৰ বাবে চৰকাৰে লোৱা আঁচনি সমূহ ৰাইজক অৱগত কৰিবলৈ কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা সকলক আহ্বান জনায় নলবাৰী জিলা কিষাণ মৰ্চাৰ সভাপতি ৰেখান্ত দাসে ।

No comments