Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মেকাৰাম প্ৰাথমিক বিদ্যালয়ত দন্ত্য, মুখগহ্বৰ পৰীক্ষা আৰু সজাগতা শিৱিৰ সম্পন্ন

গণ বাৰ্তা, দুমুনিচকী ২৩ ডিচেম্বৰঃ বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক লক্ষী গোস্বামী ফেন ক্লাৱৰ উদ্যোগত 'সুৰ্যোদয় উদ্দেশ্য জীৱনদান'ৰ সহ...


গণ বাৰ্তা, দুমুনিচকী ২৩ ডিচেম্বৰঃ বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক লক্ষী গোস্বামী ফেন ক্লাৱৰ উদ্যোগত 'সুৰ্যোদয় উদ্দেশ্য জীৱনদান'ৰ সহযোগত আজি কামৰূপ জিলাৰ দুমুনিচকী বাথান গাঁৱৰ মেকাৰাম প্ৰাথমিক বিদ্যালয়ত  দন্ত্য চিকিৎসা,মুখগহ্বৰ পৰীক্ষা আৰু সজাগতা শিৱিৰ অনুষ্ঠিত হৈ যায় ৷ বৃহত্তৰ দুমুনিচকী বাথান  অঞ্চলৰ সাধাৰণ ৰাইজক উপকৃত কৰাৰ মহান উদ্দেশ্য সন্মুখত ৰাখি এই শিবিৰৰ আয়োজন কৰা হৈছে বুলি জানিব দিছে সুৰ্যোদয় উদ্দেশ্য জীৱনদানৰ সভাপতি ৰূপম কলিতাই ৷ এই শিবিৰত অংশগ্ৰহণ কৰা শতাধিক লোকৰ দন্ত্য আৰু মুখগহ্বৰ পৰীক্ষা কৰাৰ উপৰিও বিনামূলীয়াকৈ ঔষধ বিতৰণ লগতে প্ৰেছাৰ আৰু ব্লাড চুগাৰ  পৰীক্ষা কৰা হয় ৷  শিবিৰত উপস্থিত থকা পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰবক্তা নৃপেন ডেকা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক লক্ষী গোস্বামী, পাতিদৰং জিলা পৰিষদৰ সদস্য ৰমেন দাস আৰু বিজেপি দলৰ বিস্তাৰক ৰাজেন মহন্তক সুৰ্যোদয় উদ্দেশ্য জীৱনদানৰ তৰফৰপৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক লক্ষী গোস্বামীয়ে কমলপুৰ সমষ্টিৰ ৰাইজৰ উপকাৰ হোৱাকৈ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত আৰু অধিক পদক্ষেপ গ্ৰহণ কৰা হব বুলি ৰাজহুৱাভাৱে নিজৰ মন্তব্য প্ৰকাশ  কৰে ৷ শিবিৰটোত আজি প্ৰায় ৩ শতাধিক লোকে মুখগহ্বৰ আৰু দন্ত্য পৰীক্ষা কৰে ৷ 

No comments