গণবাৰ্তা বিশেষ, ধুবুৰী, ১৭ ডিচেম্বৰ: আজিৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এইবেলিৰ ৩৪৫তম &quo...
গণবাৰ্তা বিশেষ, ধুবুৰী, ১৭ ডিচেম্বৰ: আজিৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এইবেলিৰ ৩৪৫তম "শ্বহিদী দিৱস"। অৱশ্যে ক'ভিডৰ বাবে উদ্ভৱ পৰিস্থিতি আৰু চৰকাৰী নিৰ্দেশনা মানি চলাৰ স্বাৰ্থত এইবেলি "শ্বহিদী দিৱস"ৰ কাৰ্যসূচী কিছু অনুষ্টুপীয়াকৈ কৰাৰ সিদ্ধান্ত লৈছে ধুবুৰী গুৰুদ্বাৰা কৰ্তৃপক্ষ আৰু পূৰ্বোত্তৰ শিখ প্ৰতিনিধী বোৰ্ডে৷ জানিব পৰা মতে, আজিৰে পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া এইবেলিৰ "শ্বহিদী দিৱস"ত কেৱল ধৰ্মীয় নিয়মবোৰৰ বাহিৰে অইন অইন বাৰ আয়োজিত হোৱা অন্যান্য বিভিন্ন কাৰ্যসূচী কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আজি ৰাতিপুৱা দহ বজাত অখণ্ড পাঠ আৰম্ভ হয়। পাঁচ জনকৈ পূজাৰীয়ে এই অখণ্ড পাঠ পৰিচালনা কৰি আছে। ৪৮ ঘণ্টা ধৰি চলিব এই অখণ্ড পাঠ। পিছত দিনৰ ১১ বজাৰ পৰা বিয়লি ২ বজালৈকে কীৰ্তন দৰবাৰ(গুৰুৱাণী) চলি থাকে। আকৌ আজি বিয়লি ৫ বজাৰ পৰা নিশা দহ বজা লৈকে কীৰ্তন দৰবাৰ চলি থাকিব। কাইলৈ অৰ্থাৎ ১৮ ডিচেম্বৰত পুৱা ৮ বজাৰ পৰা আশা জি দৰবাৰ আৰু কীৰ্তন অনুষ্ঠিত হ'ব। পুৱা দহ বজাৰ পৰা বিয়লি ২ বজালৈ কীৰ্তন দৰবাৰৰ পিছত আকৌ বিয়লি ৫ বজাৰ পৰা নিশা দহ বজালৈ কীৰ্তন দৰবাৰ অনুষ্ঠিত হ'ব। শ্বহিদী দিৱসৰ শেষৰ দিনা অৰ্থাৎ ১৯ ডিচেম্বৰত পুৱা ৪ বজাৰ পৰা পুৱা ৮ বজালৈ আশা জি দৰবাৰ আৰু কীৰ্তন আৰম্ভ হোৱাৰ লগতে পুৱা দহ বজাত অখণ্ড পাঠৰ সমাপ্তি কৰা হ'ব। উল্লেখ্য যে, শিখ সকলৰ নৱম গুৰু টেগবাহাদুৰৰ স্মৃতিত তেওঁ নিজ হাতেৰে স্থাপন কৰা ধুবুৰীৰ এই "শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা"ত আয়োজিত হৈ অহা ‘শ্বহিদী দিৱস’ত অন্যান্য বাৰ অনুষ্ঠিত হৈ অহা ’নগৰ কীৰ্তন’কে ধৰি "নগৰ সংকীৰ্তন"ৰ কাৰ্যসূচী এইবেলি কৰোনা মহামাৰীৰ বাবে অনুষ্ঠিত নহ’ব।ইপিনে কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভক্তপ্ৰাণ ৰাইজে গুৰুদ্বাৰত প্ৰৱেশ কৰাৰ সময়ত হেণ্ড ছেনিটাইজাৰ আৰু স্ক্ৰীনিং টেষ্টৰো ব্যৱস্থা কৰা হৈছে।
No comments