Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০২১ত মাৰ্ঘেৰিটাত উৰিব কংগ্ৰেছৰ পতাকা, মাৰ্ঘেৰিটাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমন্বয়ক কে ভেংকটা স্বামীৰ ৰণ হুংকাৰ

গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৭ ডিচেম্বৰঃ- বিজেপিৰ দুৰ্নীতি, ভ্ৰষ্ট্ৰাচাৰ, প্ৰৱঞ্চনা বহুত হল৷ ৫ বছৰীয়া এই কাৰ্যকালত বাৰুকৈয়ে আমুৱালে ৰাইজক৷ ২০২১...

গন বাৰ্তা, মাৰ্ঘেৰিটা, ১৭ ডিচেম্বৰঃ- বিজেপিৰ দুৰ্নীতি, ভ্ৰষ্ট্ৰাচাৰ, প্ৰৱঞ্চনা বহুত হল৷ ৫ বছৰীয়া এই কাৰ্যকালত বাৰুকৈয়ে আমুৱালে ৰাইজক৷ ২০২১ ৰ বিধান সভা নিৰ্বাচনত ৰাজ্যৰ লগতে মাৰ্ঘেৰিটাত উৰিব কংগ্ৰেছৰ পতাকা৷ মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত এক দলীয় সভাত এই হুংকাৰ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা উত্তৰ পূৰ্বাঞ্চলৰ অবিচি কোষৰ পৰ্যবেক্ষক কে ভেংকটা স্বামীৰ৷ ভাষন প্ৰসংগত ভেংকটা স্বামীয়ে কয় যে, আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছে নূন্যতম এশ আসন দখল কৰি পুনৰ ক্ষমতালৈ আহিব৷ সেই অনুসৰি ইতিমধ্যে ৰণ কৌশলো ৰচনা কৰিছে কংগ্ৰেছ দলে৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনত আজি গনতন্ত্ৰ সুৰক্ষিত নহয়৷ দেশৰ সংবিধানৰ প্ৰতিও এইখন চৰকাৰে সৃষ্টি কৰিছে ভাবুকিৰ৷ গনতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰিবলৈ হলে কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ অহাতো অতি জৰুৰী৷ অসমৰ ৬৯ বছৰীয়া শাসন ব্যৱস্থাত কংগ্ৰেছে ৪৯ বছৰে শাসন চলাই আহিছিল৷ ১৫ বছৰে তৰুন গগৈয়ে মুখ্যমন্ত্ৰীৰ আসনত আছিল৷  তৰুন গগৈৰ সতে সৰ্বানন্দ সোনোৱালৰ তুলনাৰো যোগ্য নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভেংকটা স্বামীয়ে৷ উল্লেখ্য যে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাৰ্ঘেৰিটা সমষ্টিটো তুংগত উঠিছে নিৰ্বাচনী বতাহ৷ বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাক প্ৰত্যাহ্বান জনাই সমষ্টিটো পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছে ইতিমধ্যে ৰন কৌশল আৰম্ভ কৰিছে৷ জাগুনৰ কংগ্ৰেছী নেতা তথা সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাক্ষী ৰুবুল গগৈৰ নেতৃত্বত ইতিমধ্যে নিস্ক্ৰীয় হৈ থকা কংগ্ৰেছ দলে লাভ কৰিছে দূৰন্ত গতি৷ ইয়াৰ মাজতে আজি মাৰ্ঘেৰিটা হিলভিউ স্থিত কংগ্ৰেছ ভৱনত উপস্থিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ  ৰাষ্ট্ৰীয় সমন্বয়ক কে.ভেংকটা স্বামী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ, বি,চি, কোষৰ সভাপতি নুমল বৰা৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ, বি,চি,কোষৰ সম্পাদক ৰুবুল গগৈৰ জাগুনস্থিত বাসগৃহত নিশা জাপন কৰা দুয়ো নেতাক আজি পুৱা ৰুবুল গগৈৰ নেতৃত্বত প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বাইক ৰেলীৰে আদৰি আনি উপস্থিত হয় মাৰ্ঘেৰিটাৰ কংগ্ৰেছ ভৱনত৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত  উষ্ম আদৰণি জনায় ভেংকটা স্বামীক৷ এই কাৰ্যসূচীতে প্ৰায় তিনি শতাধিক লোকে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

No comments