মাজুলী,১২ডিচেম্বৰ: কা বিৰুদ্ধে জাঙুৰ খাই উঠিল মাজুলী জিলা ছাত্র সন্থা।গন হুংকাৰ কাৰ্যসূচীৰে কপালে মুখ্যমন্ত্ৰী সমষ্টি মাজুলী। সদৌ অসম ছাত্...
মাজুলী,১২ডিচেম্বৰ: কা বিৰুদ্ধে জাঙুৰ খাই উঠিল মাজুলী জিলা ছাত্র সন্থা।গন হুংকাৰ কাৰ্যসূচীৰে কপালে মুখ্যমন্ত্ৰী সমষ্টি মাজুলী। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মাজুলী জিলা সদৰ গড়মূৰত আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই কা’ বিৰুধীতাৰে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি দীপক নেওগে আঁট ধৰা কাৰ্যসূচীত প্ৰথমে পাঁচজন কা’ আন্দোলনৰ শ্বহীদ ক্ৰমে চেম ষ্টেফৰ্ড, দ্বিজেন্দ্ৰ পাংগিং, ঈশ্বৰ নায়ক, আব্দুল আলিম, দীপাঞ্জল দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তিপ্ৰজ্জ্বলনেৰে মাল্য অৰ্পন কৰি জিলা ছাত্ৰ সন্থাৰ নেতৃবৃন্দই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাই৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি আছুৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয়- এই কা’ আন্দোলন চলিছিল আৰু তীব্ৰ ভাৱে এই আন্দোলন আগবঢ়াই লৈ যোৱা হ’ব৷ কা’ আন্দোলনৰ শ্বহীদৰ মুল্য নিদিয়ালৈকে আন্দোলন ক্ষান্ত নহয় আৰু প্ৰতি গৰাকী নিৰ্যাতিতৰ প্ৰতিটো কোবৰ হিচাপ হ’ব৷ প্ৰতিবাদী কাৰ্যসূচীত বক্তব্য প্ৰদান কৰি আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পবিত্ৰ গোস্বামীয়ে কয় কা’ কোনো কাৰণত মানি লোৱা নহ’ব৷ যি আইনে অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব তেনে আইন মানি লোৱা নহ’ব৷ বক্তব্য প্ৰদান কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে অসাংবিধান, সাম্প্ৰদায়িক আৰু খিলঞ্জীয়া বিৰোধী এই আইন কোনো কাৰণত ছাত্ৰ সন্থাই মানি নলয় আৰু ৰাইজে মানি নলয় শীঘ্ৰে এই আইন বাতিলৰ দাবী জনাই৷ কাৰ্যসূচীত বক্তব্য প্ৰদান কৰে অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি সম্পাদক ক্ৰমে মুনিন্দ্ৰ ভূঞা আৰু পবিত্ৰ কলিতাই৷ প্ৰতিবাদী কাৰ্যসূচীত কা’ আমি নামানো, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, পঞ্চ ছহীদৰ আত্মাক ন্যায়িক তদন্তৰ য়োগেদি দোষীক শাস্তি প্ৰদান কৰি ন্যায় প্ৰদান কৰাৰ দাবী তোলে৷
No comments