গণ বাৰ্তা, জাগীৰোড, ৪ ডিচেম্বৰ ঃ মন্ত্ৰী পীযূষ হাজৰিকা অহংকাৰী, নিম্ন মানসিকতাৰ অধিকাৰী। গণতন্ত্ৰক বিশ্বাস নকৰাৰ লগতে জনশক্তিকো বিশ্বাস নকৰে...
গণ বাৰ্তা, জাগীৰোড, ৪ ডিচেম্বৰ ঃ মন্ত্ৰী পীযূষ হাজৰিকা অহংকাৰী, নিম্ন মানসিকতাৰ অধিকাৰী। গণতন্ত্ৰক বিশ্বাস নকৰাৰ লগতে জনশক্তিকো বিশ্বাস নকৰে মন্ত্ৰী পীযূষে। —এই মন্তব্য সদ্য পদত্যাগী আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ। পীযূষ হাজৰিকাক জাগীৰোডত পৰাস্ত কৰি দেখুৱাওক বুলি মন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য সন্দৰ্ভত লুৰিণজ্যোতিয়ে কৰে প্ৰতিক্ৰিয়া।
আজি লুৰিণজ্যোতি গগৈক বিদায় সম্বৰ্ধনা জনায় মৰিগাঁও জিলা আৰু জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাই। এই উপলক্ষে জাগীৰোডত আয়োজন কৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত আছুৰ লগতে আন আন দল-সংগঠনেও সম্বৰ্ধনা জনায় লুৰিণজ্যোতি গগৈক। ভৱিষ্যৎ পৰিকল্পনা আগন্তুক দিনত অসমৰ ৰাইজক অৱগত কৰিব যদিও জাতিটোৰ সংকটৰ সময়ত জাতিটোৰ পথ-প্ৰদৰ্শক হিচাপে আগুৱাই নিয়াৰ কথা ব্যক্ত কৰে প্ৰাক্তন আছু নেতাগৰাকীয়ে।
No comments