Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত, প্ৰভাৱশালী কংগ্ৰেছ নেতা বাবুল পাটৰৰ বিজেপিত যোগদান

  জাগীৰোড, ১৫ ডিচেম্বৰ: তিৱা স্বায়ত্ব পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল ...

 


জাগীৰোড, ১৫ ডিচেম্বৰ: তিৱা স্বায়ত্ব পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ নামি পৰিছে দলীয় কৰ্মী সকল ৷ তাৰ মাজতে তিৱা স্বায়ত্ব পৰিষদীয় নিৰ্বাচনৰ এদিন পূৰ্বে জাগীৰোডত কংগ্ৰেছ দলত মোক্ষম আঘাট ৷ নেলী অঞ্চলৰ প্ৰভাৱশালী কংগ্ৰেছী নেতা তথা তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য বাবুল পাটৰৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান ৷ বাবুল পাটৰৰ লগতে বিজেপি দলত যোগদান কৰে প্ৰায় ডেৰ সহস্ৰাধিক কংগ্ৰেছ আৰু তিৱা জাতীয় ঐক্যমঞ্চৰ নেতা কৰ্মী ৷ উল্লেখ্য যে মঙ্গলবাৰে নেলীত অনুষ্ঠিত হয় বিজেপিৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভা ৷ তিৱা স্বায়ত্ব পৰিষদৰ ১৩ নং নেলী-খলা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী জীৱন কোঁৱৰৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী পীযূষ হাজৰিকাই ৷ উক্ত নিৰ্বাচনী সভাতে প্ৰতিস্থিত ব্যৱসায়ী জিৎ নাৰায়ন শ্ৰীবাস্তৱক জনাই সম্বৰ্ধনা ৷ আনহাতে তিৱা স্বায়ত্ব পৰিষদৰ ৭ নং গড়মাৰী সমষ্টিত অভিনেত্ৰী তথা ব্ৰটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বিজেপিৰ প্ৰাৰ্থী মৰমী বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা কৰে । পৰিষদীয় ৩৪ টা সমষ্টিৰ ভিতৰত কমেও ৩০ টা সমষ্টিত বিজেপি দলৰ জয় নিশ্চিত বুলি মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকা আৰু বিধায়িকা আঙুৰলতা ডেকাই ।

No comments