গণবাৰ্তা,ছিপাঝাৰ,২০ ডিচেম্বৰ: চৰকাৰে প্ৰাথমিক শিক্ষাৰ প্ৰসাৰতাৰ বাবে বছৰী ৰাজকোষৰ কোটি- কোটি টকা বিভাগলৈ মোকোলাই দি এক নতুন দিগন্তৰ সূচনা ক...
গণবাৰ্তা,ছিপাঝাৰ,২০ ডিচেম্বৰ: চৰকাৰে প্ৰাথমিক শিক্ষাৰ প্ৰসাৰতাৰ বাবে বছৰী ৰাজকোষৰ কোটি- কোটি টকা বিভাগলৈ মোকোলাই দি এক নতুন দিগন্তৰ সূচনা কৰিব বিচৰাৰ সময়তে ছিপাঝাৰত এনে ধনৰ চৰম অপচয় হোৱাৰ অভিযোগ উত্থাপন হৈছে।জানিব পৰা মতে ছিপাঝাৰ প্ৰাথমিক শিক্ষাগ্ৰহণ অধীনস্থ ১৯৮৫ চনতে স্থাপিত অপ্ৰাদেশীকৃত খানপাৰা প্ৰাথমিক বিদ্যালয়খনত আৰম্ভণি কালত ইয়াৰ নিকটবৰ্তী কুমাৰপাৰা আৰু তৰাগাঁও নামৰ গাঁও দুখনৰ পৰা যথেষ্ট সংখ্যক কণ- কণ শিশুই বিদ্যালয় খনত শিক্ষাগ্ৰহন কৰিছিল।দুজন শিক্ষকে বিদ্যালয় খনত শিক্ষাদান কৰি অহাৰ পিছত বিদ্যালয়খনি চৰকাৰী কৰণৰ বাবে ২০১৩ চনত বিভাগে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু প্ৰয়োজনীয় মাটিৰ অভাৱত তেনে সুবিধাৰ পৰা বঞ্চিত হ'ব লগীয়া হয়।যাৰ পিছত শিক্ষকদ্বয়ৰ মন ভাগি পৰে আৰু এৰা- ধৰাৰ মাজেৰে পাঠদান চলাই নিয়াত অভিভাৱক সকলে নিজৰ ল'ৰা ছোৱালীৰ শিক্ষা জীৱনকলৈ চিন্তাম্বিত হৈ এজন এজনকৈ উলিয়াই নি অন্য বিদ্যালয়ত নাম ভৰ্তি কৰাই দিবলৈ বাধ্য হয়।এনে সময়়়ত বিদ্যালয় খনৰ সহ শিক্ষক গৰকী পেয়াৰলাইছিছ ৰোগত আক্ৰান্ত হোৱাত বিদ্যাললয়খনলৈ নামি আহে চৰম সংকটত। প্ৰধানশিক্ষক গৰাকীয়ে বিদ্যালয়ৰ পৰিৱৰ্তে ঘৰৰ কামতহে বেছি ভাগ সময় ব্যস্তত হৈ থাকিবলৈ লোৱাত মৃত্যুমুখী যাত্ৰাত পতিত হয় বিদ্যালয়খনি। আশ্বৰ্যজনক কথা যে ১৯১২-১৩ চনত সৰ্ববশিক্ষাৰ ফালৰ পৰা বিদ্যালয় খনৰ ৰান্ধনিশাল নিৰ্মাণৰ বাবে এক লাখ এহেজাৰ টকা আৱন্টন হয়়।মাটি নোহোৱা বিদ্যালয়ৰ ওচৰত নিৰ্মাণ কৰিব নোৱাৰি প্ৰধান শিক্ষক গৰাকীয়ে দূৰৈৰ জাৰণিত নিৰ্মাণ নিজৰ ইচ্ছানুযায়ী নিৰ্মাণ কৰে।যাৰ বাবে বিদ্যালয়খনৰ শিশু খাদ্যৰ ৰান্ধনিশাল সম্প্ৰতি হাবি- জংঘলৰ মাজত থিয় দি আছে।য'ত সাপ বেঙৰ বসতিস্থান বুলিহে ৰাইজে ক'ব খোজে। সচেতন লোক সকলে ছাত্ৰ ছাত্ৰী নোহোৱা বিদ্যালয়়়ত ৰান্ধনিশাল নিৰ্মাণ কৰি বিভাগে অযথা চৰকাৰী ধন সমূহ খৰচ কৰাটো ৰহস্যজনক বুলি ক'ব খোজে। উল্লেখ্য যে ৰান্ধনিশাল গৃহটো নিৰ্মাণত সেই সময়ত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছিল যদিও বিভাগে কোনো ব্যৱস্থা গ্ৰহন নকৰাত ৰাইজ আশ্বৰ্যম্ববিত হৈ পৰিছিল বুুলি প্ৰকাশ।
No comments