Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কয়াকুছিৰ পাকাবেতবাৰী পামত দুই বাইকৰ মুখামুখি সংঘৰ্ষঃ ২ যুৱকৰ মৃত্যু

  গণ বাৰ্তা, সৰুক্ষেত্ৰী¸ ১৫ ডিচেম্বৰঃ  বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ সমীপৱৰ্তী পাকাবেতবাৰী পামত দুই বাইকৰ মুখামুখি সংঘ...



 গণ বাৰ্তা, সৰুক্ষেত্ৰী¸ ১৫ ডিচেম্বৰঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিৰ সমীপৱৰ্তী পাকাবেতবাৰী পামত দুই বাইকৰ মুখামুখি সংঘটিত দুৰ্ঘটনাত শোকাৱহ মৃত্যু হৈছে দুই বাইক আৰোহী যুৱকৰ । প্ৰাপ্ত তথ্য অনুসৰি, পাকাবেতবাৰীপামৰ ছাহজাহান আলীৰ পুত্ৰ ছানিদুল ইছলাম (১৮) আৰু কুৰিহা গাঁৱৰ মোফাজ্জল হুছেইনৰ পুত্ৰ ছহিদ আহমেদে (১৮) এএছ-১৫এন ৯৪৬২ আৰু এএছ-১৫এফ ২৪৮২ নম্বৰৰ বাইকৰ সৈতে  মুখামুখি দুৰ্ঘটনাত পতিত হয় । উক্ত দুৰ্ঘটনাত ছানিদুল ইছলাম ঘটনাস্থলীতে মৃত্যুক আকোৱালি লয় আৰু ছাহিদ আহমেদৰ গুৱাহাটী জিএনআৰচি  হস্পিতাললৈ নিয়াৰ পথত  মৃত্যুবৰণ  কৰে । কয়াকুছি আৰক্ষী চকীৰ অন্তৰ্গত বৰপেটা-ভৱানীপুৰ পথত পাকাবেতবাৰী পামত পুৱা ৯-১৫ বজাত সংঘটিত দুৰ্ঘটনাত উক্ত দুই যুৱকৰ অকাল মৃত্যুত সৰুক্ষেত্ৰী সমষ্টিৰ এআইইউডিএফৰ যুৱনেত্ৰী মীনাক্ষী ৰহমান, কয়াকুছি অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী আমজাদ হুছেইন, বিশিষ্ট নিৱন্ধকাৰ ছফি আহমেদ, ৰাইজৰ দলৰ বৰপেটা জিলাৰ আহ্বায়ক ৰাকিবুল হাছান, আব্দুল জলিল, কয়াকুছি প্ৰেছ গীল্ডৰ সম্পাদক জাকিৰ হুছেইন, কয়াকুছি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হাছেন আলীৰ লগতে  স্থানীয় বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

No comments