Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমপুৰত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সমন্বয় নাৰী শক্তিৰ ৰাজহুৱা সভা

গণ বাৰ্তা বিশেষ,লখিমপুৰ, ২০ ডিচেম্বৰ : মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে আজি  এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । লখিমপুৰ জিলাৰ সমন্বয় নাৰী শক্তি আৰু জা...


গণ বাৰ্তা বিশেষ,লখিমপুৰ, ২০ ডিচেম্বৰ : মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । লখিমপুৰ জিলাৰ সমন্বয় নাৰী শক্তি আৰু জাগ্ৰত নাৰী শক্তিৰ উদ্যোগত সোৱণশিৰি মহাবিদ্যালয়ত এই ৰাজহুৱা সভাখনি অনুষ্ঠিত হয় । সভাত মাইক্ৰ ফাইনেন্স সমূহে কৰি অহা লুণ্ঠনৰ  আৰু ঋণ ৰেহাইৰ বিষয়ে আলোচনা কৰা হয় । অসম চৰকাৰে মাইক্ৰ ফাইনেন্সৰ ঋণ  ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰিছে যদিও কাৰ্যত পৰিনত নোহোৱাত চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ মহিলা সকলৰ ঋণ চৰকাৰে ৰেহাইৰ ব্যৱস্থা নকৰে তেন্তে ২১ৰ নিৰ্বাচনত লখিমপুৰ , ধেমাজি জিলাৰ ৩০ হাজাৰ মহিলাই ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় । আচ্ছায্যকৰ কথা যে মল্মাইক্ৰ ফাইনেন্সৰ ঋণৰ বোজা সহিব নোৱাৰি লখিমপুৰ আৰু ধেমাজি জিলাত প্ৰায় ৩০ গৰাকী মহিলাই আত্মহত্যাৰ পথ বাছি লবলগীয়া হৈছে বুলি জানিব পৰা গৈছে । এনেবোৰ কাৰ্যৰ পৰা পৰিত্ৰাণ পাবলৈ সভাই সিদ্ধান্ত গ্ৰহণ কৰি মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইকে ধৰি চাৰি দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ অসম চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয় । অৱসৰপ্ৰাপ্ত অধ্যক্ষ মুখ্য পাতিলে সভাপতিত্ব কৰা সভাখনিত ডা° হৰিকান্ত দাস, সমাজ সেৱক ৰাজেন কছাৰী , সমন্বয় নাৰী শক্তিৰ কেন্দ্ৰীয় সভানেত্ৰী মিনু বৰা আদি উপস্থিত থাকে । পাঁচ শতাধিক মহিলাই অংশগ্ৰহণ কৰা সভাখনি আঁট ধৰে লখিমপুৰ জিলা সম্পাদিকা মানসী ৰাজখোৱাই ।

No comments