গণ বাৰ্তা বিশেষ, ডিফু, ৮ ডিচেম্বৰ ঃ সমাগত ২০২১ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মহাসচিবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘ...
গণ বাৰ্তা বিশেষ, ডিফু, ৮ ডিচেম্বৰ ঃ সমাগত ২০২১ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মহাসচিবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি দলীয় কৰ্মীক উৎসাহিত কৰা পৰিলক্ষিত হৈছে। আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অনুষ্ঠিত হোৱা দলীৰ যুটীয়া বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকীয়ে। আজি পাহাৰীয়া জিলাখনত উপস্থিত হৈ দলীয় সভাত অংশগ্ৰহণ কৰি দলৰ নেতা-কৰ্মীসকলক নিৰ্বাচনৰ পূৰ্বে দলীয় নেতা-কৰ্মীসকলক উজ্জীৱিত কৰি তোলে। ডিফুৰ আৰবৰেটাম কাম ক্ৰাফ্ট চেন্টাৰত আজি দিনৰ প্ৰায় এঘাৰ বজাৰ পৰা কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি খৰচিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জাতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে সমাগত নিৰ্বাচনৰ প্ৰাক্ক্ষণত দলটোৰ বুথ সমিতিৰ কৰ্মকৰ্তাসকলে পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায়।
দলৰ ইস্তাহাৰ কোনো হোটেল অথবা আৱৰ্ত ভৱনত নহয়, বৰঞ্চ সাধাৰণ জনতাৰ মাজত থাকি প্ৰস্তুত কৰিব লাগিব বুলি মন্তব্য কৰে। অসমৰ সকলো ক্ষেত্ৰতে আজিৰ দিনত ভয়ংকৰভাৱে ভ্ৰষ্টাচাৰ সংঘটিত হোৱা বুলিও নেতাগৰাকীয়ে লগতে দাবী কৰে। অসমত সকলো ক্ষেত্ৰতে জনতাই মাফিয়া কৰ ভৰিবলগীয়া হোৱাৰ অভিযোগ কৰাৰ লগতে অন্য সমস্যাৰ পৰিৱৰ্তে ধৰ্মক লৈহে অধিক চৰ্চা হোৱা বুলি ক্ষোভ ব্যক্ত কৰে। অসমৰ কংগ্ৰেছ দলৰ সম্পাদকগৰাকীয়ে এ আই ইউ ডি এফ দলৰ সৈতে কোনো আনুষ্ঠানিক মিত্ৰতা হোৱা নাই বুলি সদৰী কৰি অসমৰ সকলোৰে বাবে মিত্ৰতাৰ দুৱাৰ খোলা আছে বুলি মন্তব্য কৰে।
No comments