টকিঅ', ১৭ ডিচেম্বৰ: টকিঅ' অলিম্পিকৰ প্ৰজ্বলিত অগ্নি শিখাৰ যাত্ৰা ২০২১ৰ ২৫ মাৰ্চৰ পৰা আৰম্ভ হ'ব। এই যাত্ৰা পথ একেই থাকিব, কোৰোন...
টকিঅ', ১৭ ডিচেম্বৰ: টকিঅ' অলিম্পিকৰ প্ৰজ্বলিত অগ্নি শিখাৰ যাত্ৰা ২০২১ৰ ২৫ মাৰ্চৰ পৰা আৰম্ভ হ'ব। এই যাত্ৰা পথ একেই থাকিব, কোৰোনা মহামাৰীৰ পূৰ্বে যি আছিল। গ্ৰীচৰ অলিম্পিয়াত টকিঅ' অলিম্পিকৰ শিখা জ্বলোৱা হ'ব আৰু ১২১দিনৰ যাত্ৰা অতিক্ৰম কৰি ২৩জুলাইত টকিঅ'ৰ অলিম্পিক ষ্টেডিয়ামত আহি পাব। টকিঅ' অলিম্পিকৰ আয়োজকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে এই সময়ছোৱাত কোৰোনা মহামাৰীৰ সকলো নিয়ম মানি চলা হ'ব। সকলোৰে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া হ'ব। এই যাত্ৰাত প্ৰায় ১০হাজাৰ লোকে অংশ কৰাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে। ইয়াৰ বাবে কি ধৰণৰ নিয়ম তৈয়াৰ কৰা হৈছে, সেই বিষয়ে ফেব্ৰুৱাৰীত অৱগত কৰা হ'ব। উল্লেখ্য যে জাপান কোৰোনাৰ তৃতীয়টো লহৰৰ সৈতে যুঁজি আছে। দেশখনত ১০০০ত অধিক লোক দৈনিক কোৰোনাত আক্রান্ত হৈ আছে।
No comments