Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নলবাৰীত ৫০ কোটি টকীয়া মাল্টিস্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন

ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী,১০ ডিচেম্বৰঃ মূলতঃ নামনি অসমৰ মানুহক কম খৰচত উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্য লৈ আজি নলবাৰীত এখন মাল্টিস্পেচ...



ষ্টাফ ৰিপ'ৰ্টাৰ, নলবাৰী,১০ ডিচেম্বৰঃ মূলতঃ নামনি অসমৰ মানুহক কম খৰচত উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্য লৈ আজি নলবাৰীত এখন মাল্টিস্পেচিয়েল হাস্পতালৰ আধাৰশিলা স্থাপন কৰা হয়। নলবাৰীৰ একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গণেশ মন্দিৰ চ'কৰ নিকটৱৰ্তী সন্ধা কৈৰাৰাত চিকিৎসা সেৱাৰ এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হয়। 'নৱদ্বীপ হাস্পতাল' নামৰ এই চিকিৎসালয়খনৰ সঞ্চালকমণ্ডলী হৈছে ডাঃ প্ৰনৱমল্ল বৰুৱা, ডাঃ ভুবনেশ্বৰ দত্ত, ডাঃ সৌমেন্দ্ৰনাথ শৰ্মা,ডাঃ প্ৰভাস শৰ্মা, ডাঃ কুলদীপ কলিতা,গণেশ তামুলী, মিনু লহকৰ আৰু নমিতা শৰ্মা। বিখ্যাত জ্যোতিষী সিদ্ধেশ্বৰ দেৱশৰ্মাই আধাৰশিলা স্থাপন কৰা এই অনুষ্ঠানত সাহিত্যাচাৰ্য ড° বসন্ত কুমাৰ ভট্টাচাৰ্য, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপক কুমাৰ শৰ্মা, নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু,ডাঃ অনীল তালুকদাৰ, ডাঃ বিপিন তালুকদাৰ আদিও উপস্থিত থাকে। ডাঃ কামেশ্বৰ লহকৰে আঁত ধৰা অনুষ্ঠানত সঞ্চালক মণ্ডলীৰ অন্যতম গণেশ তামুলীয়ে কয় যে প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষ  হাস্পতালখন আশী হেজাৰ বৰ্গফুট মাটি কালিত নিৰ্মাণ কৰা হ'ব। আগত তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবলগীয়া অনুষ্ঠানটোত কমেও তিনিশ শিক্ষিত যুৱক-যুৱতীয়ে নিয়োগ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ডাঃ প্ৰনৱমল্ল বৰুৱাই কয় যে নৱদ্বীপ হাস্পতালক ৰাইজৰ চিকিৎসালয় হিচাপে গঢ় দিব খোজা হৈছে যাতে ৰোগীসকলে কম খৰচতে উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰে। চিকিৎসালয়খনত কেঞ্চাৰৰ বাদে সকলো অত্যাধুনিক বিভাগ উপলব্ধ হ'ব বুলিও প্ৰকাশ কৰিছে। সঞ্চালক মণ্ডলীয়ে প্ৰকাশ কৰামতে চিকিৎসালয়খনত মুঠ ৬০ টা আই চি ইউ থাকিব। প্ৰথম পৰ্যায়ত ৩০ টা স্থাপন কৰা হ'ব। ইয়াত মানৱীয় দিশ কেতিয়াও উপেক্ষা কৰা নহয় বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে।। 

No comments