Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দক্ষিণ কালজাৰ কুজাৰপীঠ কয়াকুছি সংযোগী পথ নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ

  দিদাৰ হুছেইন,হাউলী,২৫ ডিচেম্বৰ:  বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কালজাৰ ডি,কে,পথৰ পৰা কুজাৰপীঠ-কয়াকুছি সংযোগী পথ...

 


দিদাৰ হুছেইন,হাউলী,২৫ ডিচেম্বৰ: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ কালজাৰ ডি,কে,পথৰ পৰা কুজাৰপীঠ-কয়াকুছি সংযোগী পথটো স্বাধীনতাৰ পিছৰে পৰা নিৰ্মাণৰ ক্ষেত্ৰত অৱহেলিত হৈ আহিছে | বাৰিষা অহাৰ লগে লগেই সেই অঞ্চলখনত এবুকু পানী হৈ পৰাত অঞ্চলবাসীৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, প্ৰসূতি মাতৃ তথা ৰোগী সকলৰ চলাচল সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ পৰে | যাৰ বাবে দীৰ্ঘ দিনৰে পৰা জমৰ যাতনা ভুগিবল'গীয়া হৈছে পথচাৰী সকল তথা স্থানীয় ৰাইজ | উল্লিখিত পথটো ঠায়ে ঠায়ে ছিঙি যোৱাৰ ফলত কেইবা ঠাইত দ' গাতৰ সৃষ্টি হৈছে আৰু বৰ্তমানেও পথটোৰে অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মূখীন হ'বলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসী ৰাইজ | স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কাৰ্যকালৰ ম্যাদ উকলি যাবৰ হ'ল যদিওঁ এতিয়ালৈকে বিধায়ক গৰাকীয়ে উক্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত  কোনো সু ব্যৱস্থা গ্ৰহন নকৰাৰ ফলত ৰাইজ ক্ষোভিত হৈ পৰিছে ৰাইজ | উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বিধায়ক গৰাকীয়ে সেই পথেৰে এটা কামৰ আধাৰশিলা স্থাপন কৰিবলৈ অহাত স্থানীয় ৰাইজে  বিভিন্ন প্ৰশ্নৰে থকা'সৰকা কৰে আৰু পৰৱৰ্তী সময়ত বিধায়ক গৰাকীয়ে অন্য ৰাজনৈতিক দলৰ কৰ্মী সকলে কৰা বুলি দোষাৰোপ কৰি সমগ্ৰ দক্ষিণ কালজাৰলৈ এক বদনামী কৰাৰ চেষ্টা কৰা বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰে | ইফালে  শুক্ৰবাৰে আবেলি স্থানীয় ৰাইজে সমবেত হৈ বিধায়ক গৰাকীয়ে উত্থাপন কৰা সকলো অভিযোগ খণ্ডণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে উক্ত পথটো  অতি শীঘ্ৰে নিৰ্মাণৰ সুব্যৱস্থা কৰি দিবলৈ দাবী জনায় আৰু পথটো লৈ কোনো দল-সংগঠনে যাতে ৰাজনীতি নকৰে তাক লৈ সকিয়নী প্ৰদান কৰে |

No comments