গণবাৰ্তা ৰঙিয়া, ১০ ডিচেম্বৰঃ এখন দেশ, ৰাজ্য বা এখন চহৰ কিমান উন্নত হ'ব সেইটো নিৰ্ভৰ কৰে সেই অঞ্চলৰ ব্যৱসায়-বাণিজ্যৰ ওপৰত। যিমান ব্যৱসা...
গণবাৰ্তা ৰঙিয়া, ১০ ডিচেম্বৰঃ এখন দেশ, ৰাজ্য বা এখন চহৰ কিমান উন্নত হ'ব সেইটো নিৰ্ভৰ কৰে সেই অঞ্চলৰ ব্যৱসায়-বাণিজ্যৰ ওপৰত। যিমান ব্যৱসায়িক ওলাব, সিমানে অঞ্চলটো উন্নতিৰ ফালে গৈ থাকিব। ১৯৫০ চনৰ ভাৰত আৰু আজিৰ ভাৰতৰ পাৰ্থক্য হৈছে তেতিয়া চাকৰি নাছিল, নিযুক্তি নাছিল,তেনেকুৱাকৈ ব্যৱসায়-বাণিজ্যও নাছিল।এতিয়া আমি ভাৰতবৰ্ষক এক উন্নয়নশীল দেশ হিচাপে কব পাৰিছো মাথোঁ ব্যৱসায় বাণিজ্যৰ বাবে। আৰু বাণিজ্যই বিশ্বৰ অৰ্থনৈতিকৰ ক্ষেত্ৰত অৰিহণা যোগায় আহিছে বুলি বক্তব্য দাঙি ধৰে আজি ৰঙিয়া টাউনৰ মাজমজিয়াত অৱস্থিত শিৱমন্দিৰ প্ৰাঙ্গণত লাকী এছোচিয়েচনৰ উদ্যোগত আজিৰে পৰা ২২ ডিচেম্বৰলৈ অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ শুভ উদ্বোধক ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে ।লগতে ৰঙিয়া চহৰত এনেকুৱা এটা ধুনীয়া পদক্ষেপ লোৱাৰ বাবে মহকুমাধিপতি গৰাকীয়ে লাকী এচোছিয়েশ্যনক অভিনন্দন জনায়।আনহাতে মহকুমাধিপতি পালে আন এক গুৰুত্বপূৰ্ণ বক্তব্যত কয় যে কৰ'ণা মহামাৰী বৰ্তমানো সমগ্ৰ দেশতে চলি আছে। গতিকে কৰ'ণাৰ নীতি-নিয়ম সমূহ যাতে এই বাণিজ্যিক মেলাটো মানি চলে তাৰবাবে আহ্বান জনায়। কিয়নো দিল্লীৰ পৰিস্থিতি এতিয়া আকৌ বেয়াৰ ফালে গৈ আছে,গতিকে আমি আটায়ে সাৱধানে থকাতো অতিকৈ প্ৰয়োজন। এনেক্ষেত্ৰত আমি আটায়ে ক'ভিড প্ৰট'কল মানি, চেনিটাইজাৰ আৰু মাক্সৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে অনুৰোধ জনাই মহকুমাধিপতি স্বপ্নীল পালে। আজিৰ অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক নৰেন শৰ্মা, মোহিত লহকৰ, বঙ্কিম শইকীয়া, শিৱ মন্দিৰ কমিটিৰ সম্পাদক চন্দন ডেকা, আৰিমত্ত পঞ্চায়তৰ সভাপতি ৰিজু আহমেদৰ উপৰিও দ্বিজেন দাস, কৰুনা দাস, আৰজু আহমেদৰ লগতে ৰঙিয়া শিৱ মন্দিৰ পৰিচালনা সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
No comments