সঞ্জয় সৰকাৰ, কাজলগাঁও, ৫ ডিচেম্বৰ ঃ বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ বড়োভূমিত বলিছে ৰাজনৈতিক গৰম বতাহ। ক্ষমতা দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে আ...
সঞ্জয় সৰকাৰ, কাজলগাঁও, ৫ ডিচেম্বৰ ঃ বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ বড়োভূমিত বলিছে ৰাজনৈতিক গৰম বতাহ। ক্ষমতা দখলৰ লক্ষ্যৰে প্ৰতিটো ৰাজনৈতিক দলে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাৰ সময়তেই বড়ো ভূমিৰ ৰাজনীতিয়ে একপ্ৰকাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। যিকোনো মুহূৰ্ততেই ৰক্তাক্ত হ’ব পাৰে বিটিচিৰ পৰিষদীয় নিৰ্বাচন। ভয়াৱহ কুটাঘাত সংঘটিত হোৱাৰ আশংকা ঘণিভূত হৈছে। বড়োভূমিত অবৈধ অস্ত্ৰ মজুত থকা বুলি বিভিন্ন দল-সংগঠনে দাবী কৰা অহাৰ সমান্তৰালকৈ নিৰ্বাচনলৈ এদিন মাত্ৰ বাকী থকা অৱস্থাতেই কোকৰাঝাৰ আৰু চিৰাং জিলাত উদ্ধাৰ হোৱা বৃহৎ অস্ত্ৰ ভাণ্ডাৰে এক ভয়াৱহ ইংগিত বহণ কৰিছে। বিটিচি পৰিষদীয় নিৰ্বাচনক কেঁচা তেজৰ ফাকু খেলিব নেকি সেই লৈ এতিয়া লাখ টকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ এদিন পূৰ্বে তথা অহা ৭ ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত প্ৰথম পৰ্যায় আৰু ১০ ডিচেম্বৰত চিৰাং আৰু কোকৰাঝাৰ জিলাত দ্বিতীয় পৰ্যায়ৰ মাজেৰে অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনৰ মাজত অব্যাহত আছে তীব্ৰ বাক্যবাণ। নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে উত্তপ্ত হৈ পৰিছে পৰিষদটোৰ নিৰ্বাচনী পৰিৱেশ।লগতে পৰিষদটোৰ অন্তৰ্গত চাৰিওখন জিলাৰ বিভিন্ন বিভিন্ন স্থানত অব্যাহত আছে নিৰ্বাচনী হিংসা। তাৰ মাজতে বিটিএডিৰ বিভিন্ন স্থানত একাদিক্ৰমে উদ্ধাৰ হৈ আছে অবৈধ মাৰণাস্ত্ৰ। কোকৰাঝাৰ-ওদালগুৰিৰ পিছত আজি চিৰাং জিলাখনতো আৰক্ষীৰ অভিযানত পুনৰ উদ্ধাৰ হৈছে গাঁতত পুতি থোৱা বৃহৎ পৰিমাণৰ অবৈধ অস্ত্ৰ-শস্ত্ৰ। ফলত সৰ্বসাধাৰণৰ মনত প্ৰশ্ন উত্থাপন হৈছে ৰক্তাক্ত হ’ব নেকি বিটিচি নিৰ্বাচন।!
কাজলগাঁওস্থিত চিৰাং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি বিয়লি ২.৩০ বজাত আৰক্ষী অধীক্ষক সুধাকৰ সিঙে মাৰণাস্ত্ৰ উদ্ধাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কয় যে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত সিধাপাৰাত আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই গাঁতত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী অধীক্ষক সিঙে কয় যে বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত আজি পুৱা ৬.৩০ বজাৰ পৰা চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা ৰুণীখাতা চক্ৰ আৰক্ষী বিষয়া আৰু ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অভিযান চলোৱা হয়।
এই অভিযানৰ সময়তে অভিযানকাৰী দলটোৱে মাৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পলিথিনত মেৰিয়াই পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰখিনি হ’ল ক্ৰমে মেগজিনৰ সৈতে এম ২০ পিষ্টল ১টা, নাইন এম এম পিষ্টল ৩টা, নাইন এম এম পিষ্টলৰ মেগজিন ৩টা, মেগজিনৰ সৈতে ৭.৬৫ এম এম পিষ্টল ২টা, ৰাইফল ১টা, চাইনিজ হেণ্ড গ্ৰেনেড ২টা, ৩৬ নম্বৰৰ হেণ্ড গ্ৰেনেড ২টা, এ কে ছিৰিজৰ সক্ৰিয় গুলী ৯টা, নাইন এম এমৰ সক্ৰিয় গুলী ৭টা, ৭.৬৫ এম এমৰ ৪ জাঁই সক্ৰিয় গুলীসহ অন্যান্য ১০টা সক্ৰিয় গুলী। সংবাদমেলত আৰক্ষী অধীক্ষক সিঙে লগতে কয় যে বিগত কে’বা মাহৰ ভিতৰত চিৰাং জিলাখনত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিছে। অবৈধ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ ক্ষেত্ৰত চিৰাং পুলিচে তৎপৰতাৰে কাম কৰি আহিছে।
অবৈধ অস্ত্ৰৰ বিৰুদ্ধে এই অভিযান চলিছে আৰু চলি থাকিব। আজিৰ এই অস্ত্ৰ উদ্ধাৰে শান্তিপূৰ্ণ বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই যোৱা বুলি উল্লেখ কৰে। বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি আৰক্ষী প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষক সিঙে লগতে কয় - অসম নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ঠায়ে ঠায়ে পেট্ৰলিং তথা নাকা চেকিঙৰ জৰিয়তে নিৰাপত্তাৰ দিশত আৰু অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।
No comments