পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,১০ ডিচেম্বৰ: যোৰহাট প্ৰেছ ক্লাবত লেখিকা মফিদা বেগমৰ 'ট্ৰেইনৰ ২নং ডবাটো' শীৰ্ষক গল্প সংকলন এখন আজি উন্ম...
পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,১০ ডিচেম্বৰ: যোৰহাট প্ৰেছ ক্লাবত লেখিকা মফিদা বেগমৰ 'ট্ৰেইনৰ ২নং ডবাটো' শীৰ্ষক গল্প সংকলন এখন আজি উন্মোচন কৰা হয়।আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক পূৰ্ণিমা শৰ্মাই। যোৰহাট মহানগৰ কবি সন্মিলনৰ সভানেত্রী আৰেচা বেগমৰ কোৰাণ পাঠেৰে অনুষ্ঠান আৰম্ভ কৰা হয়।অনুষ্ঠানটি পৰিচালনা কৰে যোৰহাট লেখিকা সংস্থাৰ সভানেত্রী ঊষা বৰাই। উদ্বোধনী ভাষণ আগবঢ়ায় যোৰহাটৰ অধিবক্তা বিপিন দোলাকাষৰীয়াই গ্ৰন্থখনি উন্মোচন কৰে লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্রী তথা অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ ২০২০ বৰ্ষৰ দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত বিশিষ্ট কবি-সাহিত্যিক ডিম্বেশ্বৰী দাসে। ডম্বৰু বৰাই উদ্দেশ্য বাখ্যা কৰা গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি এখন কবি সন্মিলনৰো আয়োজন কৰা হয়। অনুষ্ঠানত লেখিকা সংস্থাৰ প্ৰাক্তন সভানেত্রী যোগমায়া গগৈ, দিগদৰ্শন প্ৰকাশনৰ প্ৰাক্তন সভাপতি তথা কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া বিপিন খঙীয়া, বিশিষ্ট শিশু সাহিত্যিক দীপিকা বৰুৱাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments