Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত মহিলা শক্তি কেন্দ্ৰৰ প্ৰশিক্ষণ

  গণবাৰ্তা,জনীয়া,২৭ ডিচেম্বৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মহিলা শক্তি কেন্দ্ৰৰ ছাত্ৰ স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ যোৱা ২৪...

 


গণবাৰ্তা,জনীয়া,২৭ ডিচেম্বৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ মহিলা শক্তি কেন্দ্ৰৰ ছাত্ৰ স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ যোৱা ২৪ ডিচেম্বৰ আৰু ২৫ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় । প্ৰশিক্ষণৰ প্ৰাকক্ষণত অনুষ্ঠিত সভাত আদৰণী ভাষণ ৰাখে সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ খন্ড প্ৰকল্প সহায়ক ৰণজিৎ তালুকদাৰে । সভাত উপস্থিত মহিলা শক্তি কেন্দ্ৰ, বৰপেটাৰ মহিলা কল্যাণ বিষয়া দীক্ষিতা বৰ্মনে মহিলা সবলীকৰণৰ ওপৰত বিস্তীৰ্ণ ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰী সকলক দৃষ্টি আকৰ্ষণ কৰে । সভাত উপস্থিত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহিলা শক্তি কেন্দ্ৰৰ সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ খন্ড পৰ্য্যায়ৰ মহিলা শক্তি কেন্দ্ৰৰ সদস্য ক্ৰমে পুতুল আলি শেখ আৰু গজেন  বৰ্মন। আৰম্ভণীতে সভাত উপস্থিত অতিথিবৃন্দক অসমীয়া সংস্কৃতিৰ ঐতিহ্য বহনকাৰী একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনোৱা হয় । দিনজোৰা প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণৰ প্ৰয়োজনৰ সামগ্ৰীৰ লগতে পৰিচয় পত্ৰও প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰশিক্ষণ সৰ্বাঙ্গসুন্দৰ হোৱা বুলি সকলোৱে মত পোষণ কৰে ।

No comments