Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মালিগাওঁ বেঙ্গলী এম.ই.বিদ্যালয় চৌহদৰ চাৰিবেৰ নিৰ্মানৰ শুভ উদ্বোধনী কৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই

  গণবাৰ্তা আজাৰা, ১৭ ডিচেম্বৰ:  পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ বিধায়ক পুঁজিৰ অনুদানেৰে মালিগাওঁ বেঙ্গলী এম.ই.বিদ্যালয়...


 গণবাৰ্তা আজাৰা, ১৭ ডিচেম্বৰ: পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ বিধায়ক পুঁজিৰ অনুদানেৰে মালিগাওঁ বেঙ্গলী এম.ই.বিদ্যালয় চৌহদৰ চাৰিবেৰ নিৰ্মানৰ শুভাৰম্ভী আজি অনুস্থিত হয় । এই উপলক্ষে অনুস্থিত এক অনুস্থানৰ আঁত ধৰি শিক্ষয়িত্ৰী তৰালী চক্ৰৱৰ্তীয়ে কয় যে, ১৯৫৪ চনতে  শঙ্কৰদেৱ প্ৰাথমিক বিদ্যালয়. মালিগাঁও বেঙ্গলী এল.পি স্কুল, মালিগাঁও বেঙ্গলী এম.ই.স্কুল একেটা চৌহদতে স্থাপিত হৈছিল । তেতিয়াৰে পৰা তিনিওখন বিদ্যালয় সমিল মিলে চলি থাকি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আহিছে । অসম চৰকাৰৰ বৰ্তমানৰ নীতি অনুসৰি তিনিওখন বিদ্যালয়কে একত্ৰিত কৰি " মালিগাঁও বেঙ্গলী এম.ই.বিদ্যালয়" নামেৰে নামাকৰণ কৰা হয় যদিও এতিয়াও অসমীয়া আৰু বাংলা মাধ্যমত পাঠদান হৈ আছে । এই পুৰণি বিদ্যালয় খনৰ বাউণ্ডেৰী ওৱাল নথকা বাবে সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আছে । আজি মাননীয় বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ন কলিতাই তেখেতৰ বিধায়ক পুঁজিৰ পৰা বাউণ্ডেৰী ওৱাল নিৰ্মানৰ বাবে পাঁচ লাখ টকাৰ অনুদান আগবঢ়োৱাত আমাৰ বহুদিনীয়া সমস্যা এটাৰ সমাধান হ'ল । অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয় মহানগৰীৰ অতি পুৰণি বিদ্যায়খনৰ বহুদিনীয়া অভাৱ এটি পূৰণ কৰিবলৈ পাই মই অত্যন্ত সুখী হৈছো । তেওঁ কয় যে শিক্ষাৰ পৰিবেশ উন্নত কৰিবলৈ হ'লে শৈক্ষিক বাতাবৰণো সুস্থ হ'ব লাগিব । তেওঁ বিদ্যালয়খনৰ বাবে ভৱিস্যতেও সহায় -সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে ।  অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ চক্ৰৱৰ্তী, আব্দুল মজিদ পাটগিৰী, জ্যোতি পাঠক, অৰূপ জ্যোতি বেজ, বাবু প্ৰসাদ শৰ্মা, শুশেন হাজৰিকা, পঙ্কজ কলিতা, মুকুট কলিতা, বিদ্যালয় পৰিচালনা সমিটিৰ সভাপতি অভিজিত দে, সদৌ অসম মধ্য ইংৰাজী বিদ্যালয়ৰ সম্পাদক প্ৰধান দ্বিপেন শৰ্মা, তিলক বৈশ্যও উপস্থিত থাকি বক্তব্য ৰাখে । অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে বিধায়ক গৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।


No comments